Sivsagar:শিৱসাগৰত ভোটদানৰ মাজতে অঘটন !

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ৰাইজা দলৰ এগৰাকী মহিলাকৰ্মীৰ

raijar dal

Sivsagar:

আজি প্ৰথম পৰ্যায়ৰ ভোটদান চলি থকাৰ সময়তে যোৰহাট সংসদীয় সমষ্টিৰ অন্তৰ্গত শিৱসাগৰত সংঘটিত হয় এক অঘটন । ৰাইজৰ দলৰ নিৰ্বাচন কাৰ্যালয়ত বহি ভোটাৰক শ্লিপ দি থকা অৱস্থাতে ৰাইজৰ দলৰ কৰ্মী সংগীতা গগৈ হৃদক্রিয়া বন্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় ৷

ADVERTISEMENT

এই কথা চ’ছিয়েল মেডিয়াৰ জৰিয়তে সদৰি কৰে ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । তেওঁ নিজৰ ফেচবুক পেজত উল্লেখ কৰে যে,”আমাৰ শিৱসাগৰ সমষ্টিৰ বানমুখ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ৰাইজৰ দলৰ জ্যেষ্ঠ কর্মী দীপক গগৈৰ পত্নী দলৰ সক্রিয় সদস্যা সংগীতা গগৈ ক্ষন্তেক সময়ৰ পূৰ্বে ৰাইজৰ দলৰ অফিচত বহি থকা অৱস্থাত হার্ট এটেক হৈ মৃত্যু হয়। তেখেতক শিৱসাগৰৰ প্ৰগতি নার্চিং হ’মলৈ অনা হৈছিল যদিও তাৰ পূৰ্বে মৃত্যু হয়। সংগীতা গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো।”

Exit mobile version