HS Results Will Be Announced In The First Week Of May:মেট্ৰিকৰ পিছত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষিত হ’ব মে’ৰ প্ৰথম সপ্তাহত:শিক্ষামন্ত্ৰী

pegu

HS Results Will Be Announced In The First Week Of May:

পৰীক্ষা অনুষ্ঠিত হোৱা ৪৫ দিনৰ ভিতৰতে আজি ছেবাই ঘোষণা কৰিলে মেট্ৰিক পৰীক্ষাৰ ফলাফল। ই আশাব্যঞ্জক হিচাপে বিবেচিত হয় ৷ আজি ৮ বজাত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ পিছত ১০.৩০ বজাত ছেবাই ঘোষণা কৰে পৰীক্ষা ফলাফল।

এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণা হাৰ ৭৫.৭ শতাংশ । ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ আছিল ৭৪.৪ শতাংশ। আনহাতে, তৃতীয় লিংগৰ উত্তীৰ্ণৰ হাৰ হয় ৮০ শতাংশ।

ডিষ্টিংচন পোৱা শিক্ষাৰ্থীৰ সংখ্যা ৬,৩৯২ গৰাকী, ষ্টাৰ নম্বৰ পোৱা শিক্ষাৰ্থীৰ সংখ্যা ২০,৫৫২ গৰাকী ৷ আনহাতে প্ৰথম বিভাগত উত্তীৰ্ণ ১,০৫,৮৭৩ গৰাকী, দ্বিতীয় বিভাগত ১,৫০,৭৬৪ গৰাকী আৰু তৃতীয় বিভাগত ৬০,৬৮০ গৰাকী শিক্ষাৰ্থী । আনহাতে, লেটাৰ মাৰ্ক পোৱা মুঠ শিক্ষাৰ্থীকৰ সংখ্যা আছিল ১,৯৩,১৫৯ গৰাকী।

আনহাতে ,মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষিত হোৱাৰ পিছতে লোকসভা নিৰ্বাচনৰ বাবে দলীয় কামত ধেমাজিত বাহৰ পাতি থকা শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে তাৎক্ষণিক প্ৰতিক্ৰিয়াত কয়, এইবাৰৰ মেট্ৰিক পৰীক্ষাত স্থানৰ বিপৰীতে সৰ্বাধিক নম্বৰ লাভ কৰা পাঁচগৰাকী শিক্ষাৰ্থীৰ নামহে দিয়া হৈছে ৷ ৰিজাল্টৰ হাৰ আশাব্যঞ্জক বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

আনহাতে,উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ সন্দৰ্ভত ডা:পেগুৱে অহা মে’ মাহৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ঘোষণা কৰা হ’ব৷ মন্ত্ৰী গৰাকীয়ে প্ৰৱল উৎসাহেৰে কয়, আজি ঘোষিত মেট্ৰিকৰ ৰিজাল্টত চিৰাঙৰ ফলাফল পূৰ্বৰ নিম্ন স্থানৰ
পৰা একেকোবে শীৰ্ষস্থান লাভ কৰাটো এটা ইতিবাচক দিশ ৷ অৱশ্যে এইক্ষেত্ৰত শিক্ষা বিভাগে লৈছিল প্ৰয়োজনীয় পদক্ষেপ ৷

Exit mobile version