Russia-Ukraine War:
ৰাছিয়াৰ স’তে যুদ্ধ অব্যাহত ৰখাৰ বাবে ইউক্রেইনে মূলতঃ আমেৰিকা আৰু পশ্চিম বিশ্বৰ দেশসমূহৰ সাহায্যত নির্ভৰ কৰি আহিছে। কিন্তু শেহতীয়াভারে ইউক্রেইনলৈ বিদেশী সাহায্যৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছে। মার্কিন কংগ্রেছতো ইউক্রেইনক বিত্তীয় আৰু সামৰিক সহযোগিতা প্রদানক লৈ বিৰোধিতাৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত ইউক্রেইনৰ প্রধানমন্ত্রী ডেনিছ শিহালে মন্তব্য কৰি ক’লে যে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত ইউক্রেইন জয়ী হ’ব নোৱাৰিলে তৃতীয় বিশ্বযুদ্ধ নিশ্চিত।
ADVERTISEMENT
আমেৰিকাই কীভক প্রয়োজনীয় সামৰিক সাহায্য প্রদান অব্যাহত ৰাখিব বুলি আশা প্রকাশ কৰি ইউক্রেইনৰ প্রধানমন্ত্রীয়ে ক’লে, ‘যদি আমি আমেৰিকা আৰু পশ্চিম বিশ্বৰ পৰা প্রয়োজনীয় সহযোগিতা লাভ নকৰো তেন্তে ৰাছিয়াৰ আগ্রাসন প্রতিৰহধ কৰাটো সম্ভৱ নহ’ব।