Wearing a Black Coat:প্ৰচণ্ড গৰমত অধিবক্তাক ক’লা কোট পৰিধানৰ পৰা কলকাতা উচ্চ ন্যায়ালয়ে দিলে সকাহ

calcatta

Wearing a Black Coat:

প্রচণ্ড গৰমত অধিবক্তাসকলক সকাহ দিবলৈ কর্তব্যৰত অৱস্থাত ক’লা কোট পৰিধানৰ বাধ্যকতাৰ পৰা সকাহ দিলে কলকাতা উচ্চ ন্যায়ালয়ে
কলকাতাসহ দক্ষিণ বংগত সম্প্রতি তাপমাত্রা ৪০ ডিগ্রী চেলচিয়াছৰ অধিক হৈছে। এনে পৰিস্থিতিত আইনজীৱীসকলৰ বাবে প্রচণ্ড উত্তাপত ক’লা পোছাক পৰিধান কৰি এজলাছত কর্মৰত হোৱাটো যন্ত্রণাদায়ক হৈছে।

অধিবক্তাৰ এনে সমস্যা অনুভৱ কৰি ক’লা পোছাক পৰিধানৰ নিয়মক প্রচণ্ড গৰমত শিথিল কৰাৰ সিদ্ধান্ত ল’লে কলকাতা উচ্চ ন্যায়ালয়ে। এক বিবৃতি জাৰি কৰি উচ্চ ন্যায়ালয়ে ঘোষণা কৰা অনুসৰি, আইনজীৱীসকলে আপাতত তীব্র গৰমত ক’লা কোট পৰিধান কৰিব নালাগে।

আদালতত সাধাৰণতে নির্দিষ্ট পোছাক বিধি পালন কৰি আইনজীৱীসকলে কর্মৰত হয়। কিন্তু এইবাৰ গ্রীষ্মৰ প্রকোপ যথেষ্ট বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি কলকাতা উচ্চ ন্যায়ালয়ে ক’লা কোট পৰিধানৰ বাধ্যতাৰ পৰা আইনজীৱী সকলক সাময়িকভাবে সকাহ দিলে।

Exit mobile version