Acid Attack Incident In Mangaldoi:মঙলদৈত এচিড আক্ৰমণৰ ভয়ংকৰ ঘটনা অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি

Acid Attack Incident In Mangaldoi:মঙলদৈত এচিড আক্ৰমণৰ ভয়ংকৰ ঘটনা অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি পত্নী আৰু সতীয়া ভাতৃলৈ এচিড নিক্ষেপ আখতাৰ হুছেইন নামৰ লোকজনৰ

acid

Acid Attack Incident In Mangaldoi:

মঙলদৈত এচিড আক্ৰমণৰ ভয়ংকৰ ঘটনা ৷ অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি । মঙলদৈ চহৰৰ দুই নং ৱাৰ্ডত দেওবাৰে নিশা সংঘটিত হয় এচিড আক্ৰমণৰ ঘটনা ৷পত্নীলৈ এচিড নিক্ষেপ আখতাৰ হুছেইন নামৰ লোকজনৰ ৷ শুই থকা অৱস্থাতে পত্নীক এডিচেৰে আক্রমণ আখতাৰ হুছেইনৰ ৷ একেদৰে ৰাজপথতে নিজ সতীয়া ভাতৃকো এচিড নিক্ষেপ কৰে আখতাৰ হুছেইনে ৷

স্বামীয়ে নিক্ষেপ কৰা এচিড আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় পত্নী আৰু সতীয়া ভাতৃ ৰফিকুল হুছেইন। নিশাই দুয়োকে ভৰ্তি কৰা হয় জিএমচিএইছত ৷ আনহাতে নিশাই অভিযুক্ত আখতাৰ হুছেইনে আত্মসমৰ্পণ কৰে মঙলদৈ আৰক্ষীৰ ওচৰত ৷

বিশেষ সূত্ৰে প্ৰাপ্ত খবৰ অনুসৰি,নিজ পত্নী আৰু সতীয়া ভাতৃৰ মাজত থকা অবৈধ সম্পৰ্কৰ বাবেই সংঘটিত হয় এই ঘটনা ৷ মঙলদৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version