Assam Government Has Ppproved The Establishment Of More Than 200 Liquor Shops:ৰাজ্যত পুনৰ দুই শতাধিক সুৰা বিপণী স্থাপনত অনুমোদন দিছপুৰৰ

২৬খন জিলাতে নতুন সুৰা বিপণী স্থাপনৰ প্ৰক্ৰিয়াৰে সর্বাধিক ২৯খন হ'ব মহানগৰ জিলাত

wineshop

Assam Government Has Approved The Establishment Of More Than 200 Liquor Shops:

সুৰা সহজলভ্য কৰি তোলাৰ ক্ষেত্রত ন্যূনতমো কার্পণ্য কৰিব বিচৰা নাই ৰাজ্য চৰকাৰে। সেইবাবেই ৰাজ্যৰ চুকে-কোণে নতুন সুৰা বিপণী স্থাপনত অনুমোদন জনাইছে আবকাৰী বিভাগে। বিচৰাৰ লগে লগে গ্রাহকে যাতে হাততেই সুৰাৰ দোকান এখন বিচাৰি পায়, সেই নীতি অৱলম্বন কৰি ৰাজ্যৰ কে’বাখনো জিলাত
শেহতীয়াকৈ বিভাগটোৱে দুই শতাধিক বিপণী স্থাপনত অনুমোদন জনাইছে।
বিভাগীয় সূত্রই সদৰী কৰা অনুসৰি এই প্ৰক্ৰিয়া ধাৰাবাহিকভাবে চলি থাকিব। যেতিয়ালৈকে চাহিদা অনুসৰি বিপণী স্থাপন প্রক্রিয়া সম্পূর্ণ নহয়, তেতিয়ালৈকে এই ব্যৱস্থা অব্যাহত থাকিব বুলি সূত্রটোৱে জনায়। সেই নীতিয়েই অৱলম্বন কৰি শেহতীয়াকৈ ২৬খন জিলাত সর্বাধিক ২৯খনৰ পৰা সৰ্বনিম্ন এখনলৈ নতুন সুৰা বিপণী স্থাপনত অনুমোদন জনোৱা হৈছে।

২৯ নতুন বিপণী স্থাপন হ’ব কামৰূপ মহানগৰ জিলাত। উল্লেখ্য যে অত্যধিক চাহিদাৰ ভিত্তিত জিলাখনত অধিক বিপণী স্থাপনৰ সুযোগ আছে বুলি আবকাৰী
বিভাগে ইতিমধ্যে জৰীপৰ জৰিয়তে তথ্য নির্ধাৰণ কৰিছে। তাৰে অংশৰূপে এই বৃহৎসংখ্যক বিপণী জিলাখনত মুকলি কৰাত অনুমোদন দিয়া হৈছে।

পৰৱৰ্তী সময়ত আৰু অধিক বিপণী স্থাপনতো অনুমোদন দিয়াটো নিশ্চিত। ইয়াৰ উপৰি লখিমপুৰত ১৯খন, কার্বি আংলঙত ১৫খন, শোণিতপুৰত ১২খন,
কোকৰাঝাৰত ১১খন আৰু তিনিচুকীয়া জিলাত ১১খন বিপণী স্থাপনত অনুমোদন দিয়া হৈছে। ইয়াৰ উপৰি দৰঙত নখন, ধুবুৰীত নখন, ধেমাজিত আঠখন, বঙাইগাঁৱত ছখন, চিৰাঙত ছখন, বজালীত পাঁচখন, নগাঁৱত পাঁচখন,ওদালগুৰিত চাৰিখন, কাছাৰত চাৰিখন, ডিব্ৰুগড়ত তিনিখন, হোজাইত তিনিখন আৰু যোৰহাটতো তিনিখন বিপণী স্থাপনত অনুমোদন দিয়া হৈছে।

এনেদৰে দুখনকৈ বিপণী স্থাপনত অনুমোদন দিয়া হৈছে হাইলাকান্দি আৰু পশ্চিম কার্বি আংলঙত। এখনকৈ বিপণী স্থাপন হ’ব গোলাঘাট আৰু ডিমা হাছাওত। উল্লেখ্য যে অসম চৰকাৰৰ আবকাৰী বিভাগে প্ৰতি বছৰে বৃদ্ধি কৰিছে ৰাজহ সংগ্ৰহ পৰিমাণৰ লক্ষ্য। এই লক্ষ্য পূৰণৰ মূল উৎস হ’ল সুৰা বিপণী। বিভাগটোৰ তথ্য অনুসৰি বিগত পাঁচ বছৰত অসমে ১৬ হেজাৰ কোটিতকৈ অধিক টকাৰ সুৰা বিক্ৰী কৰে। এই সুৰা ২০২৩-২৪ত প্রায় চাৰি হেজাৰ কোটি টকা সুৰা বিক্ৰীৰ জৰিয়তে বিভাগটোৱে ৰাজহ সংগ্ৰহ কৰে।

২০২২-২৩ত সেই পৰিমাণ আছিল ৩,৯৮০.০৬ কোটি টকা। ২০২১-২২ত পৰিমাণ আছিল ৩,০৪৭.৯৮ কোটি টকা। ২০২০-২১ ৰাজহ সংগ্ৰহ হৈছিল ২,৯৭৭.৬১ কোটি টকা। তাৰ আগৰ বছৰত অৰ্থাৎ ২০১৯-২০৩ ৰাজহ সংগ্ৰহ হৈছিল ২,৬০৬.৬৮ কোটি টকা।

এনেদৰে প্ৰতি বছৰে সংগৃহীত ৰাজহৰ পৰিমাণ বৃদ্ধিৰ কাৰণ হ’ল যে অসমত প্রতিদিনে ৫.৩ লাখ লিটাৰ সুৰা গ্ৰাহকে ক্রয় কৰে। ইয়াৰ ফলত আবকাৰী বিভাগে দৈনিক সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হ’ল গড়ে ১০ কোটি টকা। এই পৰিমাণ বৃদ্ধিৰ সম্ভাৱনা সদায় ঊর্ধ্বমুখী হৈ আহিছে। তাৰেই ফলশ্ৰুতিত চৰকাৰেও নতুন নতুন সুৰা বিপণী য’তেই সুযোগ পাইছে, তাতেই স্থাপনত অনুমোদন দিছে। সামাজিক দায়বদ্ধতা তথা ৰাজ্যখনৰ নতুন প্ৰজন্মৰ ভৱিষ্যতক ইয়াত কোনো মূল্য দিয়াৰ কথা বিভাগটোৱে কেতিয়াও বিবেচনাই কৰা নাই।

Exit mobile version