Kolkata High Court Judgement:কলকাতা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

২০১৬ চনত নিযুক্তি পোৱা২৪,৬৪০ গৰাকী শিক্ষক-কর্মচাৰীৰ চাকৰি খাৰিজৰ নির্দেশ,সুতে-মূলে ঘূৰাই দিব লাগিব ৮ বছৰৰ দৰমহা

colcuta

Kolkata High Court Judgement:

কলকাতা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ এজন বা দুজনৰ নহয়, একেলগে ২৪,৬৪০গৰাকী শিক্ষক-কর্মচাৰীৰ চাকৰি খাৰিজৰ নির্দেশ ন্যায়ালয়ৰ।
উল্লেখ্য যে,২০১৬ চনত পশ্চিমবংগৰ তদানীন্তন শিক্ষামন্ত্রী পার্থ চেটাৰ্জীৰ কাৰ্যকালত দিয়া হৈছিল উল্লিখিত শিক্ষক- কৰ্মচাৰীৰ নিযুক্তি

কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাংশু বাসাক, আই স্বব্বৰ ৰছিদীৰ দুজনীয়া খণ্ড বিচাৰপীঠে প্ৰদান কৰা ৰায়টোত ২০১৬ বৰ্ষত নিযুক্তি পোৱা সম্পূৰ্ণ পেনেলে বাতিল কৰাৰ লগতে অবৈধভাৱে চাকৰি লাভ কৰা লোকসকলে ঘূৰাই দিব লাগিব ধন। ৮ বছৰে লাভ কৰা দৰমহা সুতে-মূলে ঘূৰাই দিব লাগিব আগন্তুক ৪ সপ্তাহৰ ভিতৰত ।

আনহাতে,শিক্ষক – কৰ্মচাৰী সকলৰ অধিবক্তাই এই ৰায় সন্দৰ্ভত কয় যে ২০১৬ চনৰ পেনেলত চাকৰি লাভ কৰা সোমা দাসৰ বাহিৰে বাকী সকলোৰে চাকৰি বাতিল কৰা হৈছে ৷
ইপিনে,আদালতে প্ৰদান কৰা ৰায়ত কয় যে লোকসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া অন্তৰ পিছতে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব চৰকাৰে ৷ তেতিয়ালৈকে সকলো দৰমহা স্থগিত ৰাখিব লাগিব । একেদৰে চিবিআইক নিযুক্তি প্রক্রিয়াৰ অধিক তদন্তৰ নিৰ্দেশ ন্যায়ালয়ৰ ৷ অহা তিনিমাহৰ ভিতৰত আদালতত দাখিল কৰিব লাগিব সৱিশেষ প্রতিবেদন ৷

Exit mobile version