Supreme Court Has Ordered Ramdev To Pay Taxes
ধনৰ বিনিময়ত যোগশিক্ষা প্রদান কৰি আহিছে যোগগুৰু বাবা ৰামদেৱে। কিন্তু ইয়াৰ বাবদ কোনো সেৱাকৰ আদায় দিয়া নাই ৰামদেৱে। এই সন্দর্ভত উত্থাপিত এক গোচৰৰ ৰায়ত উচ্চতম ন্যায়ালয়ে যোগশিক্ষা প্রদানৰ বিনিময়ত গ্ৰহণ কৰা ধনৰ বাবদ যথাযথ পৰিমাণৰ সেৱাকৰ আদায় দিবলৈ নির্দেশ দিলে ৰামদেৱৰ সংস্থা পতঞ্জলী যোগপীঠক।
ৰামদেৱ আৰু তেওঁৰ সহযোগী আচায্য বালাকৃষ্ণৰ সংস্থাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি পতঞ্জলীয়ে বিভিন্ন অঞ্চলত যোগশিৱিৰ অনুষ্ঠিত কৰি আহিছে আৰু উক্ত যোগশিবিৰত প্ৰশিক্ষণৰ বিনিময়ত ধন গ্রহণ কৰা হয়। কিন্তু ইমানদিনে পতঞ্জলীয়ে যোগশিক্ষাৰ বাবদ আহৰণ কৰা ধনৰ কোনো সেৱাকৰ আদায় দিয়া নাছিল।
পতঞ্জলীৰ দাবী অনুসৰি যোগশিক্ষা সেৱা কৰৰ অধীনত নপৰে। কিন্তু এই বিষয়ত উত্থাপিত গোচৰৰ শুনানিত সর্বোচ্চ ন্যায়ালয়ে কয় যে যিহেতু বিনামূল্যে নহয়, প্রশিক্ষণৰ বিনিময়ত অংশগ্ৰহণকাৰীৰ পৰা পতঞ্জলীয়ে ধন গ্রহণ কৰিছে, সেয়েহে তেওঁলোকে সেৱাকৰ আদায় দিব লাগিব।