TV Anchor Fainted in the Studio While Reporting on Heat Wave:তাপপ্রবাহৰ বাতৰি পৰিবেশন কৰিবলৈ গৈ ষ্টুডিঅ’তে বেহুচ টিভি এংকৰ !

t v anchar

TV Anchor Fainted in the Studio While Reporting on Heat Wave:

দেশৰ কে’বাখনো ৰাজ্যত সম্প্রতি উত্তাপ যথেষ্ট বৃদ্ধি পাইছে। দেশৰ ৰাষ্ট্রীয় ৰাজধানী দিল্লীৰ পৰা আৰম্ভ কৰি কলকাতা চহৰলৈকে অতিমাত্রা উত্তাপ বৃদ্ধিয়ে জনজীৱনক প্রভাৱিত কৰিছে। এনে সময়তে পশ্চিমবংগত টেলিভিছনৰ বাতৰি পৰিবেশন
কৰিবলৈ গৈ এগৰাকী নিউজ এংকৰ ষ্টুডিঅ’ত হঠাৎ সংজ্ঞাহীন হ’ল।

ADVERTISEMENT

শনিবাৰে প্রচণ্ড গৰমৰ মাজতে পশ্চিমবংগৰ দুৰদর্শনৰ নিউজ এংকৰ লোপামুদ্রা সিনহাই পোনপটীয়া বাতৰি পবিৱেশন কৰিছিল। এইদৰে বাতৰি পঢ়াৰ সময়তে হঠাতে ষ্টুডিঅ’ত বেহুছ হৈছিল লোপামুদ্রা। এই ঘটনাৰ কথা লোপামুদ্রাই নিজে ফে’চবুকৰ জৰিয়তে সদৰি কৰি এইদৰে জনালে, ‘লাইভ নিউজৰ সময়ত মোৰ ৰক্তচাপ হঠাৎ যথেষ্ট হ্রাসে পাইছিল আৰু মই সংজ্ঞা হেৰুৱাইছিলো। মই কিছুদিন ধৰি অসুস্থ অনুভৱ কৰি আহিছো। প্রকাশিত বাতৰি অনুসৰি, শনিবাৰে কলকাতাত উত্তাপ যথেষ্ট বৃদ্ধি পাইছিল আৰু অঞ্চল বিশেষে তাপপ্রৱাহৰ ঘটনা হৈছিল।

তাপপ্রৱাহৰ ঘটনাৰ বাতৰি পৰিবেশন কৰাৰ সময়তে ষ্টুডিঅ’ত হঠাতে অসুস্থ হৈছিল নিউজ এংকৰ লোপামুদ্রা। টেলিভিছনৰ বাতানুকুল ষ্টুডিঅ’ত এইদৰে নিউজ এংকৰ বেছচ হোৱা ঘটনাই সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে।

Exit mobile version