Chirang Blood Donation Camp:চিৰাঙৰ বিজনীত ভোটাৰ সজাগতাৰ লক্ষ্যৰে ৰক্তদান শিবিৰৰ আয়োজন

blood camp

Chirang Blood Donation Camp:

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চিৰাং জিলাৰ অধীনৰ বিজনী নিৰ্বাচন জিলাই বিজনী বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰস্ততি অব্যাহত ৰাখিছে ৷ বিজনী নিৰ্বাচনী জিলাই ভোটাৰ সজাগতাৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

বিজনী নিৰ্বাচনী জিলাৰ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশ গ্ৰহণ (SVEEP) কোষৰ উদ্যোগত আৰু বঙাইগাঁও ল’ৱাৰ আসাম হাস্পাতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ সহযোগত আজি বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত এক ৰক্তদান শিবিৰৰ আয়োজন কৰে ৷

এই স্বেচ্ছামূলক ৰক্তদান শিবিৰ বিজনী নিৰ্বাচনী বিষয়া কৃতী চেছৰাই ৰক্তদান কৰি শিবিৰৰ শুভাৰম্ভ কৰে ৷ ৰক্তদান শিবিৰত কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী(CRPF) ৰ জোৱানকে ধৰি মুঠ ২০ গৰাকী লোকে ৰক্তদান কৰে ৷ উক্ত সংগৃহীত ৰক্ত সমূহ ল’ৱাৰ আসাম হাস্পতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ ৰক্ত ভাণ্ডাৰত প্ৰদান কৰিব ৷

Exit mobile version