Bee Attack In Tripua:ভোট গ্ৰহণৰ মাজতে ত্ৰিপুৰাৰ এটা ভোট কেন্দ্ৰত মৌমাখিৰ আক্ৰমণ

মৌমাখিৰ আক্ৰমণত ১৫ গৰাকী ভোটাৰ আহত

bee

Bee Attack In Tripua:

আজি পুৱাৰে পৰা দেশত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটদান পৰ্ব ৷ এই ভোটদানৰ মাজতে চুবুৰীয়া ত্ৰিপুৰাৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হয় এক অঘটন

ৰাজ্য খনৰ ত্ৰিপুৰা পূৱ লোকসভা সমষ্টিৰ অন্তৰ্গত খ’ৱাই বিধানসভা সমষ্টিৰ বৰবিল অঞ্চলৰ এটা ভোট কেন্দ্রত হঠাতে মৌমাখিৰ আক্ৰমণ ৷ এই আক্ৰমণত আহত হয় ভোট দিবলৈ শাৰী পাতি থকা ১৫ গৰাকীকৈ ভোটাৰ

আনহাতে মৌমাখিৰ আক্ৰমণৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় অগ্নি নির্বাপক বাহিনীৰ লোকো৷ তেওঁলোকে অতি তৎপৰতাৰে আন ভোটাৰ সকলক মৌমাখিৰ কবলৰ পৰা উদ্ধাৰ কৰে ৷ আনপিনে আহত ১৫ জনক খ’ৱাই জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

Exit mobile version