Polling Agent Dies at Polling Station in Hailakandi:হাইলাকান্দিত ভোটকেন্দ্রত অঘটন !

এআইইউডিএফৰ প'লিং এজেণ্ট নিজ কর্ম সম্পাদন কৰি থকা অৱস্থাত হঠাৎ মাটিত ঢলি পৰি মৃত্যু

dead

Polling Agent Dies at Polling Station in Hailakandi:

উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ ইয়াৰ মাজতে আজি পুৱাৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ পাঁচ লোকসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ এই ভোটদান পৰ্ব চলি থকাৰ মাজতে কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত হাইলাকান্দিত ভোটকেন্দ্রত অঘটন ৷

গল্লাছেড়া প্রাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত নিজ কর্ম সম্পাদন কৰি থকা অৱস্থাত হঠাৎ মাটিত ঢলি পৰে এআইইউডিএফৰ প’লিং এজেণ্ট এজন । ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত প’লিং এজেণ্টজনৰ নাম ফাৰুক আহমদ ৷

প্ৰচণ্ড গৰমৰ বাবে উচ্চচাপ জনিত ৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাবটি লয় এআইইউডিএফৰ প’লিং এজেণ্টজনে ৷

Exit mobile version