Supreme court Judgement: নিৰ্বাচনৰ মাজত ইভিএমক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান

বেলট পেপাৰ নহয় ইভিএমৰ জৰিয়তে অনুষ্ঠিত হ'ব লাগিব নিৰ্বাচন,এশ শতাংশ ভিভিপেটৰ জৰিয়তে পুনৰীক্ষণৰ আবেদন নাকচ ন্যায়ালয়ৰ

sc

Supreme court Judgement:

দেশৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে আজি উচ্চতম ন্যায়ালয়ে ই ভি এম আৰু ভিভিপেট সন্দৰ্ভত এক ঐতিহাসিক ৰায় প্ৰদান কৰে ৷
উল্লেখ্য যে,সৰ্বোচ্চ ন্যায়ালয়ত ই ভি এম আৰু ভিভিপেট সন্দৰ্ভত এক গোচৰ চলি আছিল ৷ ন্যায়ালয়ত আবেদন কৰা গোচৰটোত ইভিএমৰ পৰিৱৰ্তে বেলত পেপাৰ ৷ভোটগণনাৰ সময়ত ইভিএম আৰু ভিভিপেটৰ কাগজৰ শ্লিপ মিলাই চোৱা বিষয়ে উল্লেখ কৰা হৈছিল ৷

কিন্ত আজি ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ দুজনীয়া বিচাৰপীঠে ভোটগণনাৰ সময়ত ইভিএম আৰু ভিভিপেটৰ কাগজৰ শ্লিপ মিলাই চোৱাৰ বাবে দাখিল কৰা উল্লিখিত আবেদন খাৰিজ কৰিছে।

একেদৰে দুজনীয়া বিচাৰপীঠে ৰায়দানত কয়, ভোটৰ ফলাফল ঘোষণাৰ সাত দিনৰ পাছত নিৰ্দিষ্ট পৰিমাণ মাচুল আদায় দি ভিভিপেট শ্লিপ গণনাৰ আবেদন কৰিব পাৰে। ৰায়দানটোত বিচাৰপীঠে নিৰ্বাচন আয়োগক দিয়া নিৰ্দেশনাত কয়, ষ্ট্ৰং ৰুমত ৰখা ইভিএম প্ৰতীক লোড কৰাৰ পাছত ৪৫ দিনৰ বাবে এই ইউনিটসমূহ সম্পূৰ্ণৰূপে ছীল কৰি সুৰক্ষিত কৰি ৰাখিব। একেদৰে দ্বিতীয় আৰু তৃতীয় স্থানত থকা প্ৰাৰ্থীৰ অনুৰোধত ফলাফল ঘোষণাৰ পাছত ইভিএম মাইক্ৰ’কণ্ট্ৰলাৰ পৰীক্ষা কৰাৰো অনুমতি দিছে ন্যায়ালয়ে।

আনহাতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰায়টোত স্পষ্ট কৰি কয় যে, ন্যায়ালয়ে নিৰ্বাচন নিয়ন্ত্ৰণ কৰিব নোৱাৰে। নিৰ্বাচন আয়োগৰ দৰে এটা সাংবিধানিক স্বতন্ত্ৰ সংস্থাৰ কামত হস্তক্ষেপ কৰিব নোৱাৰে।

Exit mobile version