60-Year-old Alexandra Was Crowned Miss Universe:বিশ্বসুন্দৰী প্ৰতিযোগিতাত ইতিহাস

৬০ বছৰীয়া আলেজান্দ্রা মিছ ইউনিভাৰ্ছ নির্বাচিত

miss unvers 1

60-Year-old Alexandra Was Crowned Miss Universe:

৬০ বছৰ বয়সত ব্ৰহ্মাণ্ড সুন্দৰীৰ মুকুট পৰিধান কৰিলে আলেজান্দ্রা মৰিছা ৰডৰিগেজে। প্রথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্রতিযোগিতাত বয়সৰ দিশৰ পৰা এই খিতাপ লাভ কৰি নতুন ইতিহাস ৰচিলে ৬০ বছৰীয়া সুন্দৰী গৰাকীয়ে।

ADVERTISEMENT

এইবাৰ মিছ ইউনিভার্জ প্রতিযোগিতাত ১৮-৭৩ বছৰ বয়সৰ মুঠ ৩৫ প্রতিযোগীয়ে অংশ লৈছিল। এই প্রতিযোগিতাতে আন সকলো সুন্দৰীক অতিক্রম কৰি ব্ৰক্ষ্মাণ্ড সুন্দৰীৰ খিতাপ জয় কৰিলে আলেজেন্দ্রই।

১৯৫২ বছৰৰ প্ৰাই মিছ ইউনিভাৰ্ছে প্রতিযোগিতাৰ নিয়ম আছিল যে প্রতিযোগী ১৮-২৮ বছৰৰ ভিতৰত হব লাগিব। কিন্তু ২০২৩ বর্ষত এই নিয়ম সলনি কৰি প্রতিযোণিতাৰো আয়োজকে সকলো বয়সৰ মহিলাৰ বাবে মিছ ইউনিভাৰ্ছ প্রতিযোগিতা মুকলি কৰি দিছিল।

এই নিয়ম সলনিৰে সুযোগ লৈ এইবাৰৰ মিছ ইউনিভাৰ্ছৰ প্রতিযোগিতায় অংশ লৈছিল আলেজেন্দ্রাই। আর্জেন্টিনাৰ বুয়েন্স আইৰেচৰ লা প্লটাৰ বাসিন্দা আলেজেন্দ্রাই সাংবাদিকতাৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল।

পৰবৰ্তী সময়ত তেওঁ আইনৰ ডিগ্রী গ্রহণৰে অধিবক্তাও হৈছিল। ৬০ বছৰ বয়সতো আলেজেন্দ্রা এগৰাকী সুন্দৰী হৈ আছে। নিজৰ সৌন্দর্য ৰহস্য ব্যক্ত কৰি আলেজেন্দ্রাই কয় যে স্বাস্থ্যকৰ জীৱন যাপন, সুষম খাদ্য গ্রহণ, শাৰীৰিক অনুশীলন হৈছে তেওঁৰ সুস্বাস্থ্য আৰু সুন্দৰ চেহেৰাৰ মূল কাৰণ ।

Exit mobile version