Convoy of Assam Assembly Speaker Biswajit Daimari Crashed in Bongaigaon:
অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত ৷ কোকৰাঝাৰৰ পৰা দৈমাৰী কনভয় শালমৰাৰ দিশে গৈ থকাৰ পথত বঙাইগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ সমীপত আজি দুপৰীয়া ভাগত সংঘটিত হয় এই দুৰ্ঘটনা ৷
ADVERTISEMENT
উল্লেখ্য যে,দৈমাৰীৰ কনভয়ত থকা স্ক’ৰপিয়’ বাহনত সন্মুখৰ খুন্দা মাৰে এখন দ্ৰতবেগী ট্ৰাকে ৷ দুৰ্ঘটনাত আহত হয় এজন আৰক্ষী উপ-পৰিদৰ্শক । তেওঁৰ নাম মুমন্ত গোস্বামী ৷ তেওঁক ততাতৈয়াকৈ ভৰ্তি কৰা হয় বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৷ আনহাতে দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বিধাসভাৰ অধ্যক্ষ গৰাকী ৷
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে দুৰ্ঘটনাস্থীত বঙাইগাঁৱৰ জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত হৈ তদাৰকীত নামি পৰে ৷