Guwahati Visit Home Minister Amit Shah:তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ গৃহমন্ত্রী অমিত শ্বাহ

গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ চলাব প্ৰচাৰ,অংশ ল'ব ৰোড শ্ব'ত

amit shah

Guwahati Visit Home Minister Amit Shah:

আজি গুৱাহাটীলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মহানগৰীত উপস্থিত হৈ গৃহমন্ত্রী গৰাকীয়ে সন্ধিয়া অংশ ল’ব ৰোড শ্ব’ত অংশ ল’ব ৷ গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ মহানগৰীৰ ফটাশিল আমবাৰীৰ চাইকেল ফেক্টৰী-লালগণেশ হৈ ২ কি.মি ৰোড শ্ব’ ৰেলীত অংশ ল’ব গৃহমন্ত্ৰী গৰাকী । শ্বাহক সংগ দিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি সহ বিজেপিৰ ডেৰ লক্ষাধিক কাৰ্যকৰ্তাই ৷

গৃহমন্ত্ৰীৰ গুৱাহাটী আগমনক লৈ তৎপৰ হৈ পৰিছে মহানগৰ প্ৰশাসন ৷ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে মহানগৰ আৰক্ষীয়ে ৷ আনহাতে গৃহমন্ত্ৰী গৰাকীক উস্ম আদৰণী জনাবলৈ অসম ৰাজ্যিক বিজেপিয়ে গেৰুৱা পতাকাৰে ভৰাই তুলিছে মহানগৰীৰ চৌদিশ ৷

উল্লেখ্য যে,গৃহমন্ত্ৰী অমিত শ্বাহ বিশেষ বিমানৰে বৰঝাৰত উপস্থিত হ’ব আজি বিয়লী ৩-৩০ বজাত ৷ বিমাতকোঠত গৃহমন্ত্ৰী গৰাকীক আদৰিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা সহ কে’বাগৰাকী মন্ত্ৰীয়ে। তাৰ পৰা পোনে পোনে উপস্থিত হ’ব আমিনগাঁৱস্থ গেষ্ট হাউচত ৷ তাৰ পৰাই বিয়লী ৪-৩০ বজাত চাইকেল ফেক্টৰীত উপস্থিত হৈ অংশ ল’ব বিশাল ৰোড শ্ব’ত ৷

আনহাতে গৃহমন্ত্ৰী শ্বাহৰ ৰোড শ্ব’ৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী যান- বাহন আৰক্ষীয়ে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে ৷ স্মতৰ্ৱ্য যে,গৃহমন্ত্ৰী গৰাকী আজি নিশাটো গুৱাহাটীত কটাই মঙলবাৰে পুৱাই উৰা মাৰিব দিল্লী অভিমুখে ৷

Exit mobile version