Chhattisgarh 4 Maoists Killed:ছত্তিশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰে তুমুল সংঘৰ্ষ

নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুগৰাকী মহিলা সহ চাৰি মাওবাদী কেডাৰ

maoists killed

Chhattisgarh 4 Maoists Killed:

বিগত জানুৱাৰী মাহৰ পৰাই নিৰাপত্তাৰক্ষীৰ ধাৰাবাহিক অভিযানত ইজনৰ পাছত সিজনকৈ মাওবাদী নিহত হোৱাৰ পিছতো থমকি ৰোৱা নাই নিৰাপত্তাৰক্ষীৰ অভিযান । ছত্তিশগড়ত পুনৰ আৰক্ষী আৰু মাওবাদীৰ তুমুল সংঘৰ্ষ। ৰাজ্যখনৰ মাওবাদী অধ্যুষিত নাৰায়ণপুৰ জিলাৰ ঘন অৰণ্যত আজি আৰক্ষী আৰু মাওবাদীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুগৰাকী মহিলা সহ চাৰি মাওবাদী কেডাৰ ৷
আৰক্ষী সূত্ৰই সদৰি কৰা মতে, নাৰায়াণপুৰৰ মাধৰ গভীৰ অৰণ্যত মাওবাদীৰ দল এটা বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে ৷

সেই অনুসৰি ছত্তিশগড় আৰক্ষীৰ এটা সুসজ্জিত দলে কেবাটাও টিমত বিভক্ত হৈ মাধৰ কে’বাটাও অঞ্চলত অভিযান চলাই ৷ এই অভিযান চলি থকাৰ মাজতে মাওবাদী হঠাতে আৰক্ষীলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰৰ আৰক্ষীয়েও গুলীচালনা কৰে ৷ দুয়োপক্ষৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় চাৰি মাওবাদী ৷ আনহাতে বৰ্তমানেও এই অঞ্চলত মাওবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

আৰক্ষীৰ এনকাউণ্টাৰৰ আন কে’বাজনো মাওবাদী গুৰুতৰভাৱে আহত হৈছে বুলি উল্লেখ কৰি এজন আৰক্ষী বিষয়াই কয়, আৰু বহু কেইজন মাওবাদী সদস্য মৃত্যুৰ সম্ভাৱনা আছে ৷

মনকৰিবলগীয়া যে,চলিত মাহৰ প্ৰথম পষেকতে নাৰায়ণপুৰৰ দাঁতি কাষৰীয়া জিলা কাংকেৰৰ কালপাৰ আৰু হিদুৰ বনাঞ্চলত আৰক্ষীৰ বৃহৎ অভিযানত আৰক্ষীৰে হোৱা এক সংঘৰ্ষত নিহত হৈছিল ২৯ জনকৈ মাওবাদী ৷

Exit mobile version