Chirang:কাজলগাঁৱত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ চৰকাৰী শিক্ষকৰ

নিলম্বন জিলা নিৰ্বাচনী বিষয়াৰ

chiang 1 scaled

Chirang:

চিৰাং জিলাৰ কাজলগাঁৱত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ চৰকাৰী শিক্ষকৰ | ইতিমধ্যে শিক্ষকজনক কৰা হৈছে নিলম্বন ৷ নিলম্বিত শিক্ষক গৰাকী হৈছে ২ নং পাটাবাৰী এল,পি, স্কুলৰ সহকাৰী শিক্ষক টেবাশ্রৌন ব্ৰহ্ম ।

নিলম্বিত শিক্ষক টেবাশ্রৌন ব্ৰহ্মৰ বিৰুদ্ধে যোৱা ৩ এপ্ৰিলত কাজলগাঁৱত ইউপিপিএল দলৰ এখন মটৰচাইকেল ৰেলী অংশগ্ৰহণ কৰাৰ প্ৰমাণ সহ বিপিএফ দলৰ পৰা চিৰাং জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছিল । উক্ত অভিযোগৰ ওচৰত নিৰ্ভৰ কৰি জিলা নিৰ্বাচনী বিষয়াই দুজনীয়া তদন্ত সমিতি বনাই তদন্তৰ ঘোষনা কৰিছিল ।

বেংতল ৰাজহচক্ৰ বিষয়া আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ তদন্ত আৰু প্ৰতিবেদন ওপৰত ভিত্তি কৰি আজি জিলা নিৰ্বাচনী বিষয়া পি, বিজয় ভাস্কৰ ৰেড্ডীয়ে শিক্ষক টেবাশ্রৌন ব্ৰহ্মক নিলম্বন কৰে লগতে ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত কৰ্তব্যৰ পৰাও টেবাশ্রৌন ব্ৰহ্মক আঁতৰাই দিয়া হৈছে ।

Exit mobile version