Guwahati Theft:মহানগৰীৰ ছয়মাইলত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস

দিন দুপৰতে দুৰ্বৃত্তই মহিলাৰ পৰা লুটি নিলে সোনৰ চেইন

theft

Guwahati Theft:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই চিলনী চোৰে অব্যাহত ৰাখিছে সন্ত্ৰাস ৷ আজি পুৱাতে এগৰাকী মহিলাক পিষ্টল দেখুৱাই চিলনী চোৰে লুটিলে সোণৰ চেইন ৷ ছয়মাইলৰ অভিজিৎ পথত সংঘটিত হৈছে এই ঘটনা ৷

প্রাতঃভ্ৰমণলৈ অহাৰ সময়তে এগৰাকী মহিলাগৰাকীৰ পৰা বাইকত অহা দুই দুর্বৃত্তই লুটি লৈ যায় সোণৰ চেইন ৷ ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ ৷

Exit mobile version