Illegal Bangladesi Arrested In Dharmapur:ত্ৰিপুৰা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি অবৈধ বাংলাদেশীক

bangladeshi

Illegal Bangladesi Arrested In Dharmapur:

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত অবৈধভাৱে বসবাস কৰি থকা তিনিগৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে ধৰ্মনগৰ আৰক্ষীয়ে। ধৃত বাংলাদেশী তিনিজনে দীৰ্ঘদিনৰ পৰা ধৰ্ম নগৰৰ এটা ভাড়াঘৰত আশ্ৰয় লৈ বিভিন্ন কামত জড়িত আছিল ।

আনহাতে ,গোপন খবৰৰ ভিত্তিত ধৰ্মনগৰ আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই পূৰ্ববাজাৰ অঞ্চলৰ ভাড়াঘৰৰ পৰা বাংলাদেশী তিনিজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত বাংলাদেশী কেইজন হ’ল বাংলাদেশৰ গোৱালবাৰীৰ ৰাছেল আহমেদ,মৌলৱী বজাৰ জিলাৰ মনছুৰ আলী, জুৰি বেলগাৰ মহম্মদ কাইম ৷

ধৰ্মপুৰ আৰক্ষীৰ মাৰাথন জেৰাত ধৃত বাংলাদেশী কেইজনে সদৰি কৰা মতে, ত্ৰিপুৰাৰ‌ ইৰাণী সীমান্তৰে দালালক ১ হাজাৰ টকা আদায় দি তেওঁলোকে ভাৰতত প্ৰবেশ কৰিছিল ৷ তাৰ পিছত গোপনে ধৰ্মনগৰৰ এটা ভাড়াঘৰত থাকি মাছৰ পোনাৰ ব্যৱসায় কৰি আহিছে।
উল্লেখ্য যে,বাংলাদেশী তিনিজনৰ‌ পৰা ভাৰতীয় বহু নথি-পত্ৰ উদ্ধাৰ কৰিছে ধৰ্মপুৰ আৰক্ষীয়ে।

Exit mobile version