GST Collection Has Set a Record:জিএছটি সংগ্ৰহে গঢ়িছে অভিলেখ !

চলিত বিত্তীয় বৰ্ষৰ এপ্রিল মাহত সংগ্ৰহ ২.১০ লাখ কোটি টকা

gst

GST Collection Has Set a Record:

জিএছ টি সংগ্ৰহে গঢ়িলে আন এক অভিলেখ ৷ চলিত বিত্তীয়বৰ্ষৰ এপ্ৰিল মাহত দেশত জিএছটি সংগ্ৰহ কৰা হৈছে প্ৰায় ২.১০ লাখ কোটি টকা ৷ যোৱা মাৰ্চতকৈ জি এছ টিৰ বৃদ্ধিৰ হাৰ ৪.৮ শতাংশ অধিক ৷

উল্লেখ্য যে, বিগত ২০২৩ বৰ্ষৰ তুলনাত চলিত বৰ্ষৰ এপ্ৰিল লৈকে জিএছটি সংগ্ৰহৰ বৃদ্ধিৰ হাৰ ১২.৪ শতাংশ ৷ আনহাতে জিএছ টিৰ অভিলেখ সংখ্যক সংগৃহিতক লৈ উৎসাহিত হৈ পৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে। আগন্তুক মাহ কেইটাত জিএছটি অধিক বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰিছে বিত্তমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version