Three Youths Missing in Beki River:বেঁকী নৈত সন্ধানহীন তিনি যুৱক,এজনৰ মৃতদেহ উদ্ধাৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত অৱসৰ বিনোদনৰ বাবে গৈছিল দুই ভাতৃ সহ তিনিজন যুৱক

beki river 1

Three Youths Missing in Beki River:

অৱসৰ বিনোদনেই কাল হ’ল তিনি যুৱকৰ ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি তাৰ নৈসৰ্গিক দৃশ্য কেমেৰাৰ লেন্সত বন্দী কৰিবৰ বাবে গৈছিল দুই ভাতৃ সহ তিনি যুৱক ৷ কিন্ত সংঘটিত হোৱা এক হৃদয় বিদাৰক ঘটনাই মুহূৰ্ততে নি:শেষ কৰিলে তিনি যুৱকক ৷

বৰপেটাৰোডৰ কৃষ্ণ নগৰৰ দ্বীপ সাহা, ৰাজ সাহা আৰু তেওঁলোকৰ বন্ধু অভিজিৎ কৰ্মকাৰে বুধবাৰে মে’ দিৱসৰ বন্ধত নিজৰ এএছ১৫-এল ৫৮২৫ নম্বৰৰ বাহন খনৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ গৈছিল ৷ অভয়াৰণ্য খন দৰ্শন কৰি তিনিও মানাহৰে বেঁকী নৈত গা ধুবলৈ গৈ নৈৰ বুকুত সন্ধানহীন হৈ পৰে ৷ এই মৰ্মান্তিক ঘটনাৰ পাছতে শোকাহত হৈ পৰে যুৱক কেইজনৰ পৰিয়ালবৰ্গ ৷

আনহাতে আজি পুৱা বেঁকী নৈৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ৰাজ সাহা নামৰ যুৱক গৰাকীৰ মৃতদেহ ৷ অৱশ্যে ৰাজুৰ ভাতৃ আৰু তেওঁৰ বন্ধুৰ মৃতদেহ এতিয়াৰ ওলোৱা নাই ৷

ইতিমধ্যে এছ ডি আৰএফ দলে নৈত অভিযান অব্যাহত ৰাখিছে ৷ আজি নৈত উদ্ধাৰ হোৱা ৰাজ সাহা পেছাগত ভাৱে এজন ফটোগ্ৰাফাৰ হোৱাৰ বিপৰীতে তেওঁৰ ভাতৃ দ্বীপ সাহা পঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰী আৰু আন এজন নিখোজ অভিজিৎ কৰ্মকাৰ আছিল জুৱেলাৰীৰ কৰ্মচাৰী ৷ ঘটনাৰ পিছতে সমগ্ৰ বৰপেটা ৰোডতে পৰিছে শোকৰ ছাঁ।

Exit mobile version