AHSEC Chairman Sperch: শণিবাৰে ঘোষণা নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

১০ মে'ৰ ভিতৰত ফলাফল ঘোষণা কৰিব পাৰিম':অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাৰ

ahsec

AHSEC Chairman Sperch:

১০ মে’ৰ ভিতৰত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ ইতিমধ্যে ফলাফল ঘোষণা সন্দৰ্ভত শিক্ষা সংসদে ক্ষীপতাৰে আৰম্ভ কৰিছে প্ৰক্ৰিয়া ৷ আনহাতে ফলাফল সন্দৰ্ভত একাংশ প্ৰচাৰ মাধ্যমত ওলোৱা জাননী সম্পূৰ্ণ ভুৱা ৷ এই কথা সদৰি কৰিলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাৰ ।

উল্লেখ্য যে,শিক্ষা সংসদৰ অধ্যক্ষই স্পষ্ট কৰি কয় যে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিনাংক সংসদে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰিব ৷ ফলাফল ওলোৱাত কিছু পলম হৈছে যদিও নামভৰ্তিত কোনো অসুবিধা নহয় ৷

আনহাতে উ:মা: চুড়ান্ত পৰীক্ষাৰ ফলাফলত স্থান ঘোষণা কৰা হ’বনে নে নাই এয়া সিদ্ধান্ত ল’ব শিক্ষা সংসদে ৷ আনহাতে সঠিক খবৰ দিবলৈ সংবাদ মাধ্যমক আহ্বান জনায় শিক্ষা সংসদৰ অধ্যক্ষ গৰাকীয়ে ৷

Exit mobile version