Bijulee Bhawan Fire:মহানগৰীৰ পল্টন বজাৰস্থ বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড

বিজুলী ভৱনৰ দ্বিতীয় মহলাৰ সূত্ৰপাত জুয়ে ভস্মীভূত কৰে পঞ্চম মহলা, জুই নিৰ্বাপনৰ বাবে অহৰহ চেষ্টা অগ্নিনিৰ্বাপক বাহিনী

bijuli bhawan

Bijulee Bhawan Fire:

মহানগৰীৰ সদাব্যস্ত পল্টনবজাৰৰ বিজুলী ভৱনত বিধ্বংসী অগ্নিকাণ্ড। বিজুলী ভৱনৰ পঞ্চম মহলাত সংঘটিত হয় ভয়ংকৰ জুই ।

অগ্নিকাণ্ডৰ পিছতে ভৱনটোত কৰ্মৰত এপিডিচিএল বিষয়া- কৰ্মচাৰীৰ মাজত হুৱাদুৱা সৃষ্টি হয় ৷ ল’ৰা ঢপৰাকৈ সকলো ভৱনটোৰ পৰা তললৈ নামি আহি নিৰাপদ দূৰত অৱস্থান কৰে ৷

আনহাতে দ্বিতীয় মহলাৰ পৰা সূত্ৰপাত হোৱা জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰে ভৱনটোৰ পঞ্চম মহলা ৷ ফলত মহলাটোৰ প্ৰতিটো কোঠালিত থকা কম্পিউটাৰ,বহু গুৰুত্বপূ্ৰ্ণ নথিপত্ৰ সহ সকলো আচবাব জুইত জাহ যায় ৷

অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলী অগ্নি নিৰ্বাপক বাহিনীৰ বহু কেইখন গাড়ী উপস্থিত হৈছে যদিও জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই । শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰিছে অগ্নি নিৰ্বাপক বাহিনীয়ে ৷

Exit mobile version