Fake Cbi Officer Arrested In Jorhat:যোৰহাটত ধন দাবী কৰি গ্ৰেপ্তাৰ ভুৱা চিবিআই বিষয়া

১০ লাখ টকা নিবলৈ আহোতেই আৰক্ষীৰ জালত পৰে জোনমণি বণিয়া

fake cbi officer aarested

Fake Cbi Officer Arrested In Jorhat:

লোভেই পাপ ,পাপেই মৃত্যু ৷ এই বাক্য শাৰী প্ৰযোজ্য হ’ল এজন যুৱকৰ ক্ষেত্ৰত ৷ ভুৱা চিবিআই বিষয়াৰ পৰিচয় দি এটা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত পৰে ৷

এই ঘটনা সংঘটিত হয় যোৰহাটত ৷ বৰপুলৰ ডি বি এন্টাৰ প্ৰাইজ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠান খনত নিজকে চিবিআই বিষষা ৰূপে চিনাকী দি জোনমণি বণিয়া নামৰ যুৱকজনে তিনি সংগীৰ স’তে অভিযান চলায় ।

ইয়াৰ পাঁচদিন পূৰ্বেও জোনমণি বণিয়াই প্ৰতিষ্ঠান খনত অভিযান চলাইছিল ৷ আজি ভুৱা চিবিআই বিষয়া জোনমণি বণিয়াই তিনি সংগীৰ স’তে পুনৰ ডি বি এন্টাৰ প্ৰাইজত উপস্থিত হৈ দহ লাখ টকা দাবী কৰোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । অৱশ্যে আন তিনি ভুৱা চিবিআই বিষয়া পলায়ন কৰে ৷ ধৃত জোনমণি বণিয়াৰ ঘৰ টিয়কৰ জগদুৱাৰত ৷

Exit mobile version