Guwahati Theft:মহানগৰীত পুনৰ চিলনী চোৰৰ হাতোৰা !

প্রাতঃভ্রমণলৈ যোৱা শিক্ষয়িত্ৰীৰ সোণৰ চেইন কাঢ়ি নিলে বাইকত অহা চিলনী চোৰে

theft 1

Guwahati Theft:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেন্স দি চিলনী চোৰে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে অপৰাধমূলক কাৰ্যকলাপ ৷ বিশেষকৈ চিলনী চোৰৰ ৰম্যভূমি হৈ পৰিছে গুৱাহাটী মহানগৰ৷ চিলনী চোৰে ধাৰাবাহিকভাৱে সংঘটিত কৰি গৈছে সোণৰ
চেইন চুৰি ৷
শুক্ৰবাৰে পুৱাই মহানগৰীৰ পদুমবৰীত প্রাতঃভ্রমণলৈ যোৱা শিক্ষয়িত্ৰীৰ সোণৰ চেইন কাঢ়ি নিলে দুর্বৃত্তই ৷ এখন বাইকত অহা দুই দুৰ্বৃত্তই শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা কাঢ়ি নিয়ে সোণৰ চেইন

উল্লেখ্য যে,সোণৰ চেইন থপিয়াই দিয়া দৃশ্য বন্দী হয় চিচিটিভিত ৷ ইতিমধ্যে ভুক্তভোগী শিক্ষয়িত্ৰী গৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে ৷

Exit mobile version