Helicopter Crashed in Maharashtra:মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ খন শিৱসেনাৰ উদ্ধৱ গোটৰ নেত্ৰীৰ, সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে সংঘটিত এই দুৰ্ঘটনা

helicuptor

Helicopter Crashed in Maharashtra:

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ তিনিটা দিন থকা অৱস্থাত ইতিমধ্যে সৰু-বৰ সকলো ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে ৷ প্ৰচাৰাভিযানত ব্যৱহ্ত হৈছিল হেলিকপ্টাৰ ৷ ইয়াৰ মাজতে মহাৰাষ্ট্ৰত আজি সংঘটিত হয় হেলিকপ্টাৰ দুৰ্ঘটনা। হেলিকপ্টাৰ খন ব্যৱহাৰ কৰিছিল শিৱসেনাৰ উদ্ধৱ গোটৰ নেত্ৰী সুষমা আন্ধাৰে ৷

উল্লেখ্য যে,শিৱসেনাৰ উদ্ধৱ গোটৰ নেত্ৰী সুষমা আন্ধাৰেক এখন দলীয় সভালৈ নিবলৈ অহাৰ সময়তে হেলিকপ্টাৰ খন অৱতৰণৰ মুহূৰ্ততে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰ খন ৷ অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে পাইলটজনৰ।

Exit mobile version