JDU Candidates in Bihar Lok Sabha do not know the Meaning of MP:এমপিৰ অৰ্থ নাজানে বিহাৰৰ লোকসভাৰ এনডিএৰ প্রার্থীয়ে

BIJOY

JDU Candidates in Bihar Lok Sabha do not know the Meaning of MP:

ভাৰতৰ একাংশ জনপ্রতিনিধিৰ শৈক্ষিক অর্হতা আৰু যোগ্যতাক লৈ সময়ে সময়ে প্রশ্ন উত্থাপিত হৈ আহিছে। লোকসভাৰ নির্বাচন অব্যাহত থকাৰ সময়তে এইবাৰ বিহাৰত এনে এজন প্রার্থীৰ সন্ধান লাভ কৰা হ’ল, যি প্রার্থীয়ে নাজানে ‘এমপি’ৰ অর্থ কি? সম্প্রতি সামাজিক মাধ্যমৰ জৰিয়তে এনে এক ভিডিঅ’ ভাইৰেল হৈছে।

বিহাৰৰ শাসক দল জেডিইউ মহিলা প্রার্থী বিজয়লক্ষ্মী দেৱীয়ে নাজানে ‘এমপি’ শব্দৰ অর্থ। স্থানীয় ইউটিউবাৰ এজনে প্রস্তুত কৰা এক ভিডিঅ’ বিহাৰৰ চিবানৰ জেডিইউৰ প্রার্থী বিজয়লক্ষ্মীক ‘এমপি’ (মেম্বাৰ অৱ পার্লিয়ামেন্ট)ৰ অর্থ কি বুলি প্রশ্ন কৰাত জেডিইউৰ প্রার্থী গৰাকীয়ে উত্তৰ দিব নোৱাৰিলে।

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত জেডিইউৰ টিকটত প্রতিদ্বন্দ্বিত্র কৰা বিজয়লক্ষ্মীয়ে পূর্বে উপেন্দ্র কুশৱাহাৰ দলত আছিল আৰু এইবাৰ তেওঁ জেডিইউত যোগদান কৰি টিকট লাভ কৰিলে। বিজয়লক্ষ্মীৰ বিজয়লক্ষ্মীৰ স্বামী ৰমেশ কুশৱাহাই বিধায়ক হিচাপে কার্যনির্বাহ কৰি আছে ৷

Exit mobile version