Team of Doctors is Preparing to Study the Side Effects of Covishild:ক’ভিশ্বিল্ডৰ পার্শ্বক্রিয়াক লৈ গৱেষণাৰ প্ৰস্তুতি চিকিৎসকৰ দলৰ

কৰ'না প্রতিষেধকক লৈ শংকা ,এএমচিৰ চিকিৎসকৰ দল গঠন

amch

Team of Doctors is Preparing to Study the Side Effects of Covishild:

গভীৰ শংকাৰ সৃষ্টি কৰা কভিড প্রতিষেধকৰ পার্শ্বক্রিয়া সন্দৰ্ভত গৱেষণাৰ বাবে প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে অসম চিকিৎসা মহাবিদ্যালয় (এএমচি)ৰ জ্যেষ্ঠ চিকিৎসকে।

ক’ভিড মহামাৰীৰ সময়ছোৱাত জনসাধাৰণক ক’ভিশ্বিল্ড বা ক’ভাক্সিন প্রতিষেধক প্ৰদানৰ পাছত মানৱ শৰীৰত কি পার্শ্বক্রিয়া হ’ব পাৰে নেকি? বা হৈছে নেকি তাৰ ওপৰত গৱেষণা কৰিবলৈ প্রস্তুতি চলাইছে অসম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ এটি চিকিৎসকৰ দলে।

ক’ভিড প্রতিষেধকৰ পার্শ্বক্ৰিয়াৰ সম্পৰ্কত দলটোরে গৱেষণাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। উল্লেখ্য যে ক’ভিশ্বিল্ড প্রতিষেধকৰ নির্মাণকাৰী প্রতিষ্ঠান এস্ট্রাজেনেকাই লণ্ডনৰ আদালতত ইয়াব পার্শ্বক্রিয়াৰ সন্দৰ্ভত স্বীকাৰ কৰাৰ লগে লগে সমগ্র বিশ্বৰ লগতে ভাৰততো ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

সেয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ দুজন গৱেষক ছাত্ৰৰ লগতে চিকিৎসকৰ দলটোৰ নেতৃত্বত আছে ডাঃ শ্রীমন্ত মাধৱ বৰুৱা, ডাঃ মৃগাংক শেখৰ চলিহা, ডাঃ প্রণামী বৰা আদি। ক’ভিড প্রতিষেধক লোৱাৰ পাছৰে পৰা স্বাভাৱিকতে বহু লোকৰ অকাল মৃত্যুৰ বিষয়টোৱে যথেষ্ট উদ্বেগজনক তথা জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমতো চর্চা চলিছে। ক’ভিড প্রতিষেধকৰ পার্শ্বক্ৰিয়াৰ বাবেই হঠাৎ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে নেকি? এনে এক ধাৰণাই ইতিমধ্যে জনসাধাৰণৰ মাজত থিতাপি লৈছে।

যি সময়ত জনসাধাৰণৰ মাজত এনে ধাৰণা প্রচলিত হৈ আছে, সেই সময়তে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসকৰ এটা দলে ইতিমধ্যে এই ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিছে। ক’ভিড প্রতিষেধকৰ বাবে কাৰোবাৰ মৃত্যু হৈছে নেকি? প্রতিষেধক গ্ৰহণৰ পাছত বর্তমানে বৃদ্ধি পোৱা অস্বাভাৱিক মৃত্যুৰ কাৰণ ক’ভিড ৰোগৰ পার্শ্বক্রিয়া নেকি? সেই সন্দর্ভত দলটোরে এক সম্যক বৈজ্ঞানিক অধ্যয়ন চলাব।

বিষয়টোৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ দলটোৱে এক বিস্তৃত গৱেষণামূলক কাম হাতত লৈছে। গৱেষক দলটোরে কয় যে ক’ভিড আক্রান্ত সকলো ৰোগী আৰু যিসকলে ক’ভিড প্রতিষেধক সম্পূর্ণরূপে প্রদান কৰিছে, তেওঁলোকে এই গবেষণাত অংশগ্রহণ কৰি ভয়ৰ পৰা মুক্ত হ’ব আৰু লগতে সমাজখনক সঠিক তথ্য প্রদান কৰাত সহায় কৰিব বুলিও আশা প্রকাশ কৰিছে গৱেষকৰ দলটোৱে। এই গৱেষণাত অংশগ্রহণ কৰা চিকিৎসকৰ দলটোত আছে চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ শ্রীমন্ত মাধৱ বৰুৱা, হৃদৰোগ বিভাগৰ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মৃগংকা শেখৰ চলিহা, অধ্যাপক ডাঃ প্রণামী বৰা, ৰেডিঅ’লজি বিভাগব গবেষক ছাত্র ডাঃ অনিছ হাজৰা আৰু গৱেষক ছাত্র ডাঃ শ্যামজিৎ লক্ষ্মণ।

উল্লেখ্য যে নীতিগতভাৱে গৱেষণাত অংশগ্ৰহণ কৰা সকলোৰে নাম আৰু ঠিকনা গোপনে ৰখা হ’ব বুলি গৱেষকৰ দলটোৱে জানিবলৈ দিয়ে। প্রতিজন ব্যক্তিৰ বাবে ইচিজি, ইচিত্র’, এইচএছচিআৰপি, কার্ডিয়াক এমআৰআই আদি পৰীক্ষা বিনামূলীয়াকৈ কৰা হ’ব। এই বিষয়টোৰ সন্দৰ্ভত গৱেষণা কৰিবলৈ গৱেষক ছাত্র দুজনক থেচিছৰ বিষয়বস্তু নির্ধাৰণ কৰি দিয়া হৈছে। অহা ডিচেম্বৰৰ ভিতৰত এই গৱেষণাৰ ফলাফল ওলাব বুলি আশা ব্যক্ত কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ দুই জ্যেষ্ঠ চিকিৎসকে।

আনহাতে, অংশগ্রহণকাৰীসকলে ৯৫৬৪১৯৮৯৫৮ আৰু ৯৯৯৫৮১৮০৬৭ নম্বৰত যোগাযোগ কৰিব পাৰে আৰু তেওঁলোকৰ তথ্য গোপনে ৰখা হ’ব বুলিও সদৰী কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ গৱেষকৰ দলে।

Exit mobile version