Three Cities in Orissa are Among the 10 Hottest Cities in the World:বিশ্বৰ সবাতোকৈ ১০ খন অতি উষ্ণ চহৰৰ তালিকাত ওড়িছাৰ তিনি চহৰ,ঝাৰখণ্ডৰ জামছেদপুৰ

heat

Three Cities in Orissa are Among the 10 Hottest Cities in the World:

বিশ্বৰ সবাতোকৈ ১০ খন অতি উষ্ণ চহৰৰ তালিকাত অন্তর্ভুক্ত হ’ল ওড়িছাৰ তিনি চহৰ। সম্প্রতি প্রকাশিত বিশ্বৰ সবাতোকৈ উষ্ণ চহৰৰ তালিকাত প্রথম স্থানত আছে ওমানৰ জ’বা চহৰ। এই চহৰৰ সম্প্রতি তাপমাত্রা হৈছে ৪৯.২ ডিগ্রী চেলচিয়াছ। ইয়াৰ পাছত তালিকাত দ্বিতীয় স্থানত আছে ওড়িছাৰ বাৰীপদা।

এই চহৰৰ বৰ্তমানে তাপমাত্রা হৈছে ৪৬.৪ ডিগ্রী চেলচিয়াছ। ওড়িছাৰ বালেচৰ চহৰে তালিকাত তৃতীয় স্থান লাভ কৰিছে। বালেচৰৰ সম্প্রতি তাপমাত্রা হৈছে ৪৬.০
ডিগ্রী চেলচিয়াছ। তালিকাত চতুর্থ স্থানত থকা আফ্রিকাৰ নাদজামেনা চহৰৰ তাপমাত্রা হৈছে ৪৬.০ ডিগ্রী চেলচিয়াছ।

ম্যানমাৰৰ চৌক চহৰে তালিকাত পঞ্চম স্থান লাভ কৰিছে আৰু এই চহৰৰ তাপমাত্রা হৈছে ৪৫.৮ ডিগ্রী চেলচিয়াছ। ষষ্ঠ স্থানত থকা নাইজৰৰ উইলমা চহৰৰ তাপমাত্রা ৪৫.৪ ডিগ্রী চেলচিয়াছ। ঝাৰখণ্ডৰ জামছেদপুৰে তালিকাত সপ্তম স্থান লাভ কৰিছে আৰু এই চহৰৰ তাপমাত্রা ৪৫.৫ ডিগ্রী চেলচিয়াছ। পশ্চিমবংগৰ মেদিনীপুৰৰ তাপমাত্রা ৪৫.৫ ডিগ্রী চেলচিয়াছ আৰু তালিকাত চহৰখনে অষ্টম স্থান লাভ কৰিছে।

৪৫.৫ ডিগ্রী চেলচিয়াছৰ তাপমাত্ৰাৰে তালিকাত নৱম স্থানত আছে নাইজৰৰ গুজগেমি চহৰ। আনহাতে ওড়িছাৰ ৰাজধানী ভুৱনেশ্বৰে তালিকাত দশম স্থান লাভ কৰিছে আৰু এই চহৰৰ তাপমাত্রা হৈছে ৪৫.৪ ডিগ্রী চেলচিয়াছ।

Exit mobile version