Chain Sanatching Incident in Guwahati :মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত

পুনৰ চেইন চুৰিৰ ঘটনা

sanatching

Chain Sanatching Incident in Guwahati :

লোকসভা নিৰ্বাচনৰ বাবে আৰক্ষী- অৰ্ধ সামৰিক বাহিনীয়ে গিজগিজাই থকা মহানগৰীত শনিবাৰে দিন-দুপৰতে সংঘটিত হয় সোণৰ চেইন চুৰিৰ ঘটনা

ADVERTISEMENT

শনিবাৰে পুৱা খ্রীষ্টানবস্তিৰ অমৰাৱতী পথত এগৰাকী বৃদ্ধাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিয়ে সোণৰ ।

ঘটনা অনুসৰি মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই বৃদ্ধা মহিলাগৰাকীৰ ডিঙিৰ পৰা চেইনডাল কাঢ়ি নিয়ে। উল্লেখ যে, বৃদ্ধা গৰাকীয়ে প্রাতঃভ্রমণ কৰিবলৈ আহোঁতেই সংঘটিত হয় এই ঘটনা। ভুক্তভোগী বৃদ্ধা গৰাকীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

মনকৰিবলগীয়া যে,চলিত সপ্তাহতে মহানগৰীৰ তিনিটা অঞ্চলত দিন-দুপৰতে চিলনী চোৰে থপিয়াই নিছিল সোণৰ চেইন । চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ পিছতো চিলনী চোৰৰ গেঙক ৰধিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী ৷

Exit mobile version