Chirang BPF kokrajher Candidate campaign:চিৰাঙৰ মোজাবাৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা

KHAMBA BASUMATARI

Chirang BPF kokrajher Candidate Campaign:

চিৰাঙৰ মোজাবাৰীত নিশা বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা। সভাত অংশগ্ৰহন বিপিএফৰ কোকৰাঝাৰ লোকসভাৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ। প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই বৰ্তমান তুৰ্কীলৈ পলায়ন কৰিছে বুলি মন্তব্য খাম্পা বৰগয়াৰী। ইউপিপিএল দলৰ মুখ ফুটা বাবেই বিপিএফক ফুটা বেলুন বুলি কয়।

বিপিএফ দলে ১০০ শতাংশ জয়ী হ’ব আমি ডাঙৰ ডাঙৰ সভা কৰা নাই পকেট মিটিং কৰিছোঁ ডাইৰেক্ট গাঁৱৰ মানুহৰ লগত সুখ দুখৰ কথা পাতিছো। বিভিন্ন দলে কোকৰাঝাৰ লোকসভা সমষ্টিত চাৰিখনকৈ হেলিকপ্টাৰ উৰাইছে কিন্তু ভোট গণনাৰ দিনা চাব বিপিএফে ৭০ শতাংশ ভোট পাব আৰু বিভিন্ন দলে ৩০ শতাংশ পাব।

মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত প্ৰচাৰ চলাইছে কিন্তু বিপিএফৰ একো ক্ষতি নহয় কাৰণ বিপিএফৰ সমৰ্থক মুখ্যমন্ত্ৰীৰ প্ৰচাৰত নাযায়। লোকসভা নিৰ্বাচনৰ পিছত বিপিএফ দল শেষ হ’ব বুলি মন্তব্য কৰা প্ৰমোদ বড়োক কয় যে ইউপিপিএল দলহে শেষ হ’ব বুলি কয় খাম্পা বৰগয়াৰীয়ে। লগতে কয় ইউপিপিএল দলক কোনো জনগোষ্ঠীৰ লোকে ভোট নিদিয়ে , বিশ্বাস নকৰে, মাথো বিজেপিৰ ওপৰত ভৰষা কৰে যাৰ বাবে বিজেপিৰ মহাৰথী সকলক মাতি আনি প্ৰচাৰ চলাইছে কিন্তু কাম নহ’ব।

Exit mobile version