Kamrup Election Rule Violate:কামৰূপত এতিয়া সৰিয়হৰ ডুলিতে যেন ভূত !

কামৰূপত নিৰ্বাচন আয়োগৰ আচৰন বিধি ভংগ

kamrup image

Kamrup Election Rule Violate:

নিৰ্বাচন আয়োগৰ আচৰন বিধি ভংগ কৰি কামৰূপৰ আমিনগাওঁত বিলোৱা হল লাখ লাখ টকা। কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনৰ নিৰ্বাচন আয়োগৰ পৰিবহন বিভাগৰ অধীনত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত বিলোৱা হ’ল এই লাখ লাখ টকা। এই সমগ্ৰ দৃশ্য বন্দী সাংবাদিকৰ কেমেৰাত।

ধন বিলাই থকা ব্যক্তিক সাংবাদিকে প্ৰশ্ন কৰাত সেই ধন কামৰূপৰ নিৰ্বাচন আয়োগে ভাড়ালৈ অনা যান বাহন সমূহৰ চালক -কৰ্মচাৰীক দিয়া বুলি জানিব দিয়ে।
প্ৰত্যেক গাড়ীৰ পৰিবৰ্তে ৮৪০০ টকাকৈ প্ৰায় ৫ লক্ষ্যাধিক টকাৰ অধিক টকাৰ লেন দেনৰ দৃশ্য বন্দী হ’ল সাংবাদিকৰ কেমেৰাত।

নিৰ্বাচন আয়োগৰ আচৰণ বিধি ভংগ কৰি মুকলিকৈ খোদ কামৰূপ জিলা প্ৰশাসনৰ বৰ ঘৰতে এই ধৰণে ধন বিলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

আনহাতে, ঘটনা সন্দৰ্ভত কামৰূপ নিৰ্বাচনী আয়োগৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতিম চৌধুৰীক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ সেই বিষয়ৰ পৰা ফালৰি কাটি মাত্ৰ চমুকৈ উল্লেখ কৰে যে ,প্ৰত্যেক যান বাহনৰ খোৰাকীৰ বাবদ কেৱল মাত্ৰ 440 টকাকৈ দিব পাৰে বুলি জানিব দিয়ে।

সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত। কামৰূপ নিৰ্বাচনী আয়োগৰ দায়িত্ত্বত থকা সহকাৰী আয়ুক্ত গৰাকীৰো ঘটনা সন্দৰ্ভত ৰহস্য জনক ভূমিকাই সকলোকে আচৰিত কৰি তুলিছে ।

Exit mobile version