Mandira :ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়াত এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাৰ্থী বদৰুদ্দিন আজমল 

ajmal image

Mandira :

বৰপেটা জিলাৰ অন্তৰ্ভূক্ত ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়া বিধানসভা সমষ্টিৰ মন্দিয়াত আজি এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ এখন প্ৰচাৰ সভা অনুষ্ঠিত হয়। বৃহৎ জনসমাগমেৰে অনুষ্ঠিত সভাখনত আজমলে কংগ্ৰেছ দল তথা তেওঁৰ প্ৰতিদ্বন্দী প্ৰাৰ্থী ৰকিবুল হুছেইনক সমালোচনা কৰে।

কংগ্ৰেছে মুছলমান লোকসকলক সদায় ভোট বেংক হিচাপে গণ্য কৰি অহাৰ অভিযোগ কৰি আজমলে কয় যে এনে কাৰণতে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে যিমানে চেষ্টা কৰিলেও তেওঁক ধুবুৰীত পৰাজিত কৰিব নোৱাৰে। ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলোৱা বিধায়ক অখিল গগৈ আৰু ডিব্ৰুগড়ৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকো আজমলে সমালোচনা কৰে। অখিল গগৈ মুছলমানৰ ৰেজিষ্টাৰ্ড শত্ৰু বুলিও আজমলে মন্তব্য কৰে।

ৰকিবুল হুছেইনক বেয়া পোৱা কংগ্ৰেছৰ পাঁচ হাজাৰ লোকে তেওঁৰ হৈ কাম কৰি থকাৰ দাবীও আজমলে কৰে। গতিকে কংগ্ৰেছ নিৰ্বাচনত হৰাতো নিশ্চিত বুলি আজমলে কয় ।

Exit mobile version