Air India Flight:
আপুনি যদি দেশৰ এটা বিমান প্ৰতিষ্ঠানৰ বিমানত যাত্ৰা কৰিব বিচাৰিছে ৷ তেন্তে এটা কথা মনত ৰখা দৰকাৰ ৷ কিয়নো বিমানত নিব পাৰিব ১৫ কিলো সামগ্ৰী ৷
ADVERTISEMENT
এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ বিমামানযাত্ৰী সকলৰ বাবে উল্লিখিত নিৰ্দেশনা কৰি দিছে ৷ যাত্ৰীয়ে এতিয়াৰে পৰা বিমানৰে ভ্ৰমণৰ সময়ত নিজৰ লগত কেৱল ১৫ কিলোগ্রামৰ সা-সামগ্ৰীহে নিব পাৰিব।
এয়াৰ ইণ্ডিয়াই ঘৰুৱা বিমান যাত্ৰীৰ বাবে সামগ্ৰীৰ নীতি সলনি কৰিলে। এতিয়াৰে পৰা এয়াৰ ইণ্ডিয়াত ইক’নমি শ্ৰেণীৰ টিকটত যাত্রীয়ে বিনামূল্যে নিজৰ লগত ১৫ কিলোগ্রামৰ সামগ্ৰীৰ বেগ নিব পাৰিব। একেদৰে প্ৰথম শ্ৰেণীৰ টিকটত ২০ কিলোগ্রাম, কমফ’র্ট প্লাছ শ্ৰেণীৰ টিকটত ২৫ কিলোগ্রামৰ সামগ্রী যাত্ৰীয়ে নিজৰ স’তে নিব পাৰিব।