Pakistan Will Surpass the Indian Economy:Pak PM:ভাৰতীয় অর্থনীতিক অতিক্ৰম কৰিব পাকিস্তানে: দাবী প্ৰধানমন্ত্ৰী শ্বৰীফৰ

pakisthan

Pakistan Will Surpass the Indian Economy:Pak PM:

আর্থিক সমস্যাত জৰ্জৰিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ মতে পাকিস্তানে ভাৰতৰ অর্থনীতিক পৰাভূত কৰিব পাৰিব। ইছলামাবাদত ফেডাৰেল বেংক অৱ ৰেভিনিউৰ বিষয়াবৰ্গক সম্মানিত কৰি এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত ভাষণ দি পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এইদৰে ক’লে, ‘পাকিস্তানে বহু প্রত্যাহ্বানৰ সম্মুখীন হৈছে।

এইসমূহ সমস্যাৰ ভিতৰত কৰ সংগ্ৰহ আমাৰ বৃহৎ সমস্যাত পৰিণত হৈছে। কৰ সংগ্ৰহৰ ক্ষেত্ৰত আমি বৃদ্ধি লাভ কৰিব লাগিব। কিন্তু ভ্ৰষ্ট্ৰচাৰৰ কাৰণত এয়া সম্ভৱ হোৱা নাই। মই ভাবো যে পাকিস্তানে কঠোৰ পৰিশ্ৰম কৰিলে অন্যান্য দেশৰ অর্থনীতিক অতিক্রম কৰিব পাৰিব। আমি কেৱল ভাৰতকে নহয়, বিশ্বৰ সকলো বৃহৎ অর্থব্যৱস্থাক পৰিশ্ৰমৰ জৰিয়তে পৰাভূত কৰিব পাৰিম।’

উল্লেখ্য যে সম্প্রতি পাকিস্তানত মূল্যবৃদ্ধিয়ে সর্বকালৰ সর্বাধিক শীৰ্ষত আৰোহণ কৰিছে। দেশখনত বর্তমানে প্রতি লিটাৰ গাখীৰৰ মূল্য ২১০ টকালৈ বৃদ্ধি পাইছে। ব্যাপক মুদ্রাস্ফীতিত পাকিস্তানৰ জনসাধাৰণে হাহাকাৰ কৰিবলগা হৈছে। এনে পৰিস্থিতিতে পাক প্রধানমন্ত্রীয়ে দাবী কৰি ক’লে যে পাকিস্তানে ইচ্ছা কৰিলে ভাৰতসহ অন্যান্য দেশক অর্থনীতিত পৰাভূত কৰিব পাৰিব।

Exit mobile version