LS ELection Poll in Assam:আজি পুৱাৰে পৰা ৰাজ্যৰ চাৰি সমষ্টিত আৰম্ভ হৈছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ

ৰাজ্যত ১১ বজালৈ ভোটদানৰ হাৰ ২৭.৩৪ শতাংশ, গুৱাহাটীত ১১ বজালৈ ২৬.২৫ শতাংশ ,বৰপেটাত ২৭.১৯ শতাংশ,কোকৰাঝাৰত ২৮.২৮ শতাংশ, ধুবুৰীত ২৭.৭৭ শতাংশ ভোটদান সম্পন্ন

ls election poll

Ls ELection Poll in Assam:

আজি পুৱাৰে পৰা ৰাজ্যৰ চাৰি সমষ্টিত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয় । প্ৰতিকুল বতৰকো নেওচি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ভোটকেন্দ্ৰত ভোটাৰ সকলক শাৰি পাতি থিয় দিয়া পৰিলক্ষিত হয় ৷ পুৱাতে কিনকিনিয়া বৰষুণ দিছিল যদিও শেহতীয়াকৈ বতৰ ফৰকাল হোৱাত সকলো ভোটাৰ ঢাপলি মেলিছে নিজ নিজ ভোট কেন্দ্ৰলৈ ৷

উল্লেখ্য যে,আজি ৰাজ্যৰ মুঠ ৯,৫১৬টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। মুঠ ভোটাৰৰ সংখ্যা ৮১,৪৯,০৯১ গৰাকী। বৰপেটা সমষ্টিত সৰ্বাধিক ১৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ধুবুৰী সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ একেদৰে কোকৰাঝাৰ সমষ্টিত মুঠ ১২ গৰাকী আৰু গুৱাহাটী সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত নামিছে ৷

আজি চাৰিটা লোকসভা সমষ্টিত ৪৭ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত হেভীৱেট প্ৰাৰ্থীসকল হ’ল – গুৱাহাটীত বিজেপিৰ বিজুলী কলিতা মেধি, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ। বৰপেটাত অগপৰ ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দীপ বায়ন আৰু চিপিএমৰ মনোৰঞ্জন তালুকদাৰ ,কোকৰাঝাৰ সমষ্টিত ইউপিপিএলৰ জয়ন্ত বসুমতাৰী আৰু বিপিএফৰ খাম্পা বসুমতাৰী, ধুবুৰীত এআইইউডিএফৰ বদৰুদ্দিন আজমলৰ, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অগপৰ জাবেদ ইছলামৰ মাজত পোনপটীয়া যুঁজ হ’ব ৷

শেহতীয়াকৈ পোৱা তথ্য অনুসৰি পুৱা ১১ বজালৈ চাৰি সমষ্টিত ভোটদানৰ হাৰ ২৭.৩৪ শতাংশ। সেই অনুসৰি ১১বজালৈ চাৰি সমষ্টিৰ ভোটদানৰ হাৰ এনেধৰণৰ:  ধুবুৰীত ২৭.৭৭ শতাংশ ,গুৱাহাটীত ২৬.২৫ শতাংশ ,কোকৰাঝাৰত ২৮.২৮ শতাংশ, বৰপেটাত ২৭.১৯ শতাংশ শতাংশ ভোটদান ইতিমধ্যে সম্পন্ন হৈছে।

Exit mobile version