Ls Election Third Phase:দিনৰ ১ .৩০ বজালৈকে অসমৰ চাৰি লোকসভা সমষ্টিত ভোটগ্ৰহণৰ হাৰ আশানুৰূপ

৪ সমষ্টিত সামগ্রিক ভোটদানৰ হাৰ ৪৫.৮৮ শতাংশ সর্বভাৰতীয় ভোটদানৰ হাৰ ৩৯.৯২

vote poll 1

Ls Election Third Phase:

প্ৰতিকুল বতৰেও ভোটাৰক দিব পৰা নাই বাধা। দিনৰ ১ বজালৈকে অসমৰ চাৰি লোকসভা সমষ্টিত ভোট গ্ৰহণৰ হাৰ আশানুৰূপ ৷

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১.৩০ বজালৈকে বৰপেটা লোকসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৪৬.৮৩ শতাংশ ধুবুৰী লোকসভা সমষ্টিত ৪৭.৭৩ শতাংশ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত ৪৬.৪৩ শতাংশ আৰু গুৱাহাটী লোকসভা সমষ্টিত ভোটদান হৈছে মুঠ ৪২.১৩ ।

আনহাতে দেশৰ আন আন ৰাজ্যতো দিনৰ ডেৰ বজালৈ সর্বভাৰতীয় ভোটদানৰ হাৰ ৩৯.৯২ শতাংশ ৷ ৰাজ্যিক ভিত্তিত ভোটদানৰ হাৰ এনে ধৰণৰ মধ্যপ্ৰদেশত ৪৪.৬৭ শতাংশ, মহাৰাষ্ট্ৰত ৩১.৫৫ শতাংশ, উত্তৰ প্ৰদেশত ৩৮.১২ শতাংশ আৰু পশ্চিম বংগত ৪৯.২৭ শতাংশ,বিহাৰত ৩৬.৬৯ শতাংশ, ছত্তিশগড়ত ৪৬.১৪ শতাংশ, দাদৰা আৰু নগৰ হাৱেলী আৰু দামান আৰু দিউত ৩৯.৯৪ শতাংশ, গোৱাত ৪৯.০৪ শতাংশ, গুজৰাটত ৩৭.৮৩ শতাংশ কৰ্ণাটকত ৪১.৫৯ শতাংশ ৷

Exit mobile version