Serious Increase in Swine flu in Barak Valley:বৰাকত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ছোৱাইন ফ্লুৰ আতংক !

ছোৱাইন ফ্লুত আক্রান্ত হৈ মৃত্যু ৪ মহীয়া দেৱশিশুৰ, ছোৱাইন ফ্লুত মৃত্যু হোৱাৰ সংখ্যা দুজনলৈ বৃদ্ধি

swan flu

Serious Increase in Swine flu in Barak Valley:

বৰাকত ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে ছোৱাইন ফ্লুৰ আতংক। কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ আজি মৃত্যু হয় এটি চাৰিমহীয়া দেৱশিশুৰ ৷

উল্লেখ্য যে, ১২ এপ্ৰিলত শিলচৰৰ পাশ্বৱৰ্তী অঞ্চলৰ আৰমান হুছেইন লস্কৰ নামৰ চাৰিমহীয়া কণমানি শিশুটি  জ্বৰত আক্ৰান্ত হোৱা হেতুকে পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভৰ্তি কৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত ৷ কিন্ত আজি চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে কণমানিটোৱে ৷

আনহাতে দুদিন পূৰ্বে হাইলাকান্দিত ফাৰহানা খানম নামৰ ডেৰ বছৰীয়া এটি শিশু কন্যা ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু হৈছিলো। শিলচৰ মেডিকেল কলেজ হাস্পতালত এই পৰ্যন্ত ছোৱাইন ফ্লুত আক্রান্ত কেইবাজনো ৰোগী ভৰ্তি হৈ আছে ৷

উল্লেখ্য যে,ছোৱাইন ফ্লুৰ আতংক সন্দৰ্ভত কে’বা গৰাকী জ্যেষ্ঠ চিকিৎসকৰ পৰামৰ্শ। ছোৱাইন ফ্লুৰ আতংকৰ পৰা হাত সাৰিবলৈ মাস্ক পৰিধান কৰাটো অতি প্ৰয়োজন ৷ শিশুসকলক সুষম আহাৰৰ প্ৰয়োজন ৷ একেদৰে ৬৫ উর্ধ্বৰ লোকসকলে পৰাপক্ষত নিজকে ঘৰতে আবদ্ধ কৰি ৰাখক ৷

বৰাকত শেহতীয়াকৈ ভয়াৱহ হাৰত বৃদ্ধি পোৱা ছোৱাইন ফ্লুৰ সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কতৃৰ্পক্ষই কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ছোৱাইন ফ্লু আক্ৰান্ত ৰোগীৰ বাবে আগতীয়াকৈ সষ্টম হৈছে ৷ ৰাইজক আতংকিত ন’হৈ সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷

Exit mobile version