Padmasri Birubala Rabha:
ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে নিৰবচ্ছিন্নভাবে সংগ্রাম কৰি যোৱা এটি সাহসী সত্বা পদ্মশ্রী ড: বিৰুবালা ৰাভা কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটী কেন্সাৰ হাস্পাতালত চিকিৎসাধীন হৈ আছে।
বৃহস্পতিবাৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকছ’ক, সাধাৰণ সম্পাদক ড: সুভাষ ৰাভা, সহ-সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভা আৰু সাংগঠনিক সম্পাদক প্রতুল ৰাভাই স্বাস্থ্যৰ বুজ লৈ তেখেতৰ আশু আৰোগ্য কামনা কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনায়।