Arvind Kejriwal Interim Bail :উচ্চতম ন্যায়ালয়ৰ পৰা অৰৱিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

১ জুনলৈকে জামিন লাভ দিল্লীৰ মুখ্যমন্ত্ৰীৰ

arvind bail

Arvind Kejriwal Interim Bail :

অৱশেষত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ১ জুনলৈ অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰিলে কেজৰিৱালে।
উল্লেখ্য যে ,আম আদমি পাৰ্টীৰ মুৰব্বী গৰাকীক ইডিয়ে দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত মুখ্যমন্ত্ৰী চৰকাৰী আবাসগৃহৰ পৰা ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল ৷ তেতিয়া পৰা কাৰাৰুদ্ধ হৈ আছিল তিহাৰ জে’লত ।

আনহাতে শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে কাৰাবন্দী মুখ্যমন্ত্ৰী কেজৰিৱালৰ আবেদনৰ শুনানি গ্ৰহণ কৰি অন্তৱৰ্তীকালীন জামিন আবেদন মঞ্জুৰ কৰে । মুকলি আকাশলৈ অহাৰ পিছতে আম আদমি পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব কেজৰিয়ালে ৷

মনকৰিবলগীয়া যে, ইডিয়ে বৃহস্পতিবাৰে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ খণ্ড বিচাৰপীঠৰ আদালতত অনুষ্ঠিত হোৱা শুনানিত কেজৰিয়ালৰ জামিনৰ বিৰোধীতা কৰে যদিও আদালতে কয়, কেজৰিয়ালক মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ এতিয়া এই জামিন কাল ২১ দিন হ’লেও কোনো সমস্যা হোৱাৰ সম্ভাৱনা নাই ৷ একেদৰে তেওঁ দুই জুনত আদালতত আত্মসমৰ্পণ কৰিব ৷ সেয়েহে তেওঁৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হয় ৷

উল্লেখযোগ্য,মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷

Exit mobile version