CPA India Region 3rd Divisional Executive Meeting at Assam Assembly Campus:অসম বিধানসভা চৌহদত ‘চিপিএ ইণ্ডিয়া ৰিজনৰ’ তৃতীয় সংমণ্ডলৰ কাৰ্যনিৰ্বাহক বৈঠক

উত্তৰ- পূবৰ আঠ ৰাজ্যৰ অধ্যক্ষ- উপাধ্যক্ষৰ অংশগ্ৰহণ, অৰুণাচল বিধানসভাৰ অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত হৈছে বেঠক

assembly 1

CPA India Region 3rd Divisional Executive Meeting at Assam Assembly Campus:

কমনৱেলথ সংসদীয় সন্থাৰ অন্তভূক্ত চিপিএ ইণ্ডিয়া ৰিজনৰ’ তৃতীয় সংমণ্ডলৰ কাৰ্যনিৰ্বাহক বৈঠক আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভা চৌহদত ৷

ইতিমধ্যে আয়োজক অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী সহ উত্তৰ- পূবৰ আঠ ৰাজ্য ক্ৰমে চিকিম,মেঘালয়,অৰুণাচল,ত্ৰিপুৰা,মণিপুৰ,মিজোৰাম আৰু নাগালেণ্ডৰ অধ্যক্ষ- উপাধ্যক্ষৰ অংশগ্ৰহণ কৰিছে চিপিএ ইণ্ডিয়া ৰিজনৰ’ তৃতীয় সংমণ্ডলৰ কাৰ্যনিৰ্বাহক বৈঠকত ৷

উল্লেখ্য যে,বিশ্বৰ ৫৪ খন দেশক সামৰি গঠন কৰা কমনৱেলথ সংসদীয় সন্থা চমুকৈ চিপিএৰ সমগ্ৰ বিশ্বত আছে ৬৪ টা মাণ্ডলিক শাখা ৷ মাণ্ডলিক শাখা সমূহৰ অন্যতম হৈছে চিপিএ ইণ্ডিয়া সংমণ্ডল ৷ এই সংমণ্ডলৰে Zone-3ৰ অন্তভুৰ্ক্ত উত্তৰ- পূৰ্বাঞ্চল ৷

Exit mobile version