A Man Stabbed His Mother, Wife and two Daughters to Death in UP:লোমহৰ্ষক হত্যাকাণ্ড !

নিজ মাতৃ-পত্নী আৰু দুই কন্যা সন্তানক হাতুৰীৰে কোবাই কোবাই হত্যা, পুত্ৰ সন্তানক অট্টালিকাৰ পৰা পেলাই নিজেও কৰে আত্মহনন !

up murder

A Man Stabbed His Mother, Wife and two Daughters to Death in UP:

এক নৃশংস হত্যাকাণ্ড ৷ এটা পৰিয়ালৰ ছজনকৈ লোকৰ লোমহৰ্ষক মৃত্যু ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাৰ ৰামপুৰৰ বালামৌ গাঁৱত৷

গাওঁ খনৰ এটা সম্ভান্ত পৰিয়ালৰ মুৰব্বী অনুৰাগ সিং(৪৫) নামৰ লোকজনে নিজ মাতৃ সাবিত্ৰী(৬৫),পত্নী প্ৰিয়ংকা(৪০),কন্যা সন্তান অশ্বিনী(১২),অশ্বিনী,অৰুণা(৯) সহ পাঁচজনক হাতুৰীৰে কোবাই কোবাই নৃশংসভাৱে হত্যা কৰাৰ পাছত ছবছৰীয়া শিশু পুত্ৰক অট্টালিকাৰ পৰা পেলাই নিজেও বাছি লয় চৰমপন্থা ৷ মুৰত গুলীয়াই আত্মহত্যা কৰে অনুৰাগ সিঙে ৷ এই জঘন্য ঘটনা সংঘটিত হয় শণিবাৰে পুৱাভাগত ৷

উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্মৌ চহৰৰ পৰা ৯০ কি:মি:নিলগৰ সীতাপুৰ জিলাৰ ৰামপুৰত সংঘটিত এই লোমহৰ্ষক ঘটনাৰ পিছতে ৰামপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ।

আনহাতে হত্যাকাৰী লোকজনে ছাদৰ পৰা পেলাই দিয়া শিশুপুত্ৰ সন্তানটিক আৰক্ষীয়ে মুমুষ অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ লক্ষ্মৌস্থ ট্ৰমা চেণ্টাৰলৈ নিয়ে যদিও ট্ৰমা চেণ্টাৰতে শেষ নিশ্বাস ত্যাগ কৰে ৷

এই নাৰকীয় ঘটনাটোৱে গাৰ নোম শিয়ঁৰাই তুলিছে সকলোকে। কি কাৰণত অনুৰাগ সিঙে নিজৰ পৰিয়ালৰে পাঁচজনকৈ লোকক হত্যা কৰি নিজেও গুলীয়াই আত্মহত্যা কৰে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷

ইতিমধ্যে ছয় মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৰামপুৰ আৰক্ষীয়ে ৷

Exit mobile version