Irani Film Director Mahammad Rosoulof :ইৰানৰ জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালকক আঠ বছৰৰ কাৰাদণ্ডৰ ৰায়

irani film director

Irani Film Director Mahammad Rosoulof:

ইৰানৰ জনপ্রিয় চলচ্চিত্র পৰিচালক মহম্মদ ৰচৌলফক আঠ বছৰৰ কাৰাদণ্ডৰ ৰায় দিলে এখন আদালতে। তদুপৰি বিশিষ্ট চিত্র পৰিচালকজনক বেত্রাঘাত, জৰিমনা আৰু সম্পত্তি বাজেয়াপ্ত কৰাৰো নির্দেশ আদালতে দিলে।

ৰচৌলফ পৰিচালিত ‘দ্য চিড অব দ্য চেক্রেড ফিগ’ নামৰ ছবিখন চলিত মাহতে কাঁ চলচ্চিত্র মহোৎসৱৰ মূল প্রতিযোগিতাত প্ৰদৰ্শন কৰা হ’ব। চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টিৰ অভিযোগত ৰচৌলফক দোষী সাব্যস্ত কৰি আদালতে শাস্তিৰ ৰায় দিলে। পূর্বেও চিত্ৰ পৰিচালকজনে এবছৰৰ কাৰাবাস খাটিছিল।

Exit mobile version