Union Ports, Shipping and Waterways Minister Sarbananda Sonowal arrives in Iran:ইৰাণত উপস্থিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱাল

ইৰাণৰ পথ আৰু নগৰ উন্নয়ন মন্ত্ৰী মেহৰদাদ বাজৰপাছৰ উপস্থিতিত স্বাক্ষৰিত হয় ঐতিহাসিক চুক্তি, ভাৰতে চাবাহাৰ বন্দৰৰ উন্নয়নৰ বাবে যথেষ্ট বিনিয়োগ কৰিব, ইয়াৰ ফলত মধ্য এছিয়াৰ দেশসমূহ, আফগানিস্তান, ইৰাণ আৰু ভাৰতৰ মাজত বাণিজ্যৰ নতুন দিশ মুকলি হ'ব:সোণোৱাল

sonowal 1

Union Ports, Shipping and Waterways Minister Sarbananda Sonowal arrives in Iran:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱাল সোমবাৰে দুপৰীয়া বিশেষ বিমাণযোগে নতুন দিল্লীৰ পৰা ইৰাণৰ ৰাজধানী তেহৰানত উপস্থিত হয় ৷

উল্লেখ্য যে,ভাৰতৰ ইণ্ডিয়ান প’ৰ্টছ গ্ল’বেল লিমিটেড আৰু ইৰাণৰ বন্দৰ আৰু সামুদ্রিক সংস্থাৰ মাজত চাবাহাৰ বন্দৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দীর্ঘম্যাদী দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়, যাৰ ফলত চাবাহাৰ বন্দৰ উন্নয়ন প্রকল্পত ভাৰতে ১০ বছৰৰ বাবে শাহিদ বেহেস্তি পৰিচালনা সক্ষম কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে ইৰাণৰ পথ আৰু নগৰ উন্নয়ন মন্ত্ৰী মেহৰদাদ বাজৰপাছে আজি তেহৰাণত অনুষ্ঠিত এই ঐতিহাসিক চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ২০১৬ চনৰ ২৩ ম’ত’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণ ভ্ৰমণ কৰাৰ সময়ত তেহৰাণত এই বন্দৰৰ পদক্ষেপ ত্বৰান্বিত কৰা হৈছিল।

এই চুক্তিৰ লক্ষ্য হৈছে আঞ্চলিক সংযোগ বৃদ্ধি কৰা আৰু বিশেষকৈ ভাৰত, ইৰাণ আৰু আফগানিস্তানৰ মাজত বাণিজ্যৰ সুবিধা ত্বৰান্বিত কৰা। আইপিজিএলৰ সহায়ক সংস্থা ইণ্ডিয়া প’ৰ্টছ গ্ল’বেল চাবাহাৰ ফ্ৰী জ’নে ২০১৯ চনত আফগানিস্তানৰ পৰা ভাৰতলৈ সামগ্ৰী ৰপ্তানি ত্বৰান্বিত কৰিছিল। ২০২২ চনৰ আগষ্টত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ চাবাহাৰ ভ্ৰমণৰ লগে লগে দীর্ঘম্যাদী চুক্তিৰ সন্দৰ্ভত আলোচনা ক্ষিপ্ৰতৰ হৈছিল। এই ১০ বছৰীয়া দীর্ঘম্যাদী লীজ চুক্তিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰিব আৰু বাণিজ্যৰ নতুন পথ প্রশস্ত কৰিব।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালে কয়, “আজি ভাৰতৰ সামুদ্রিক খণ্ডৰ বাবে এক ঐতিহাসিক দিন কিয়নো ভাৰত আৰু ইৰাণে চাবাহাৰ বন্দৰ সন্দৰ্ভত এই দীর্ঘম্যাদী চুক্তি স্বাক্ষৰ কৰি ভাৰত, ইৰাণ আৰু আফগানিস্তানৰ মাজত ত্ৰিপাক্ষিক বাণিজ্য বৃদ্ধিৰ লগতে সামুদ্রিক সহযোগিতা আৰু পৰিবহণৰ এক নতুন যুগৰ সূচনা কৰিছে। ভাৰতে চাবাহাৰ বন্দৰত বিনিয়োগ অব্যাহত ৰখাৰ ফলস্বৰূপে ইয়াৰ দক্ষতা আৰু ক্ষমতা অধিক বৃদ্ধি হ’ব। সমগ্র অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি দৃঢ় হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ আৰু গতিশীল নেতৃত্বত চাবাহাৰত ভাৰতৰ নিৰন্তৰ সম্পৰ্কই বিশ্ব যোগান শৃংখলাত ভাৰত আৰু ইৰাণৰ ভূমিকা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোত ভাৰতৰ বাণিজ্যৰ গুৰুত্ব বৃদ্ধি কৰিব। ভাৰতে বাণিজ্যিক সম্পৰ্কৰ বাহিৰেও আঞ্চলিক উন্নয়নত সহায় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ সুদৃঢ় কৰি মানৱীয় সাহায্য ৰপ্তানিৰ বাবেও বন্দৰটো ব্যৱহাৰ কৰিব।”

সোণোৱালে লগতে কয়, “চাবাহাৰ বন্দৰৰ গুৰুত্ব ভাৰত আৰু ইৰাণৰ মাজতে সীমাবদ্ধ নাথাকে; ই মধ্য এছিয়াৰ দেশসমূহ, আফগানিস্তান আৰু ভাৰতক সংযোগ কৰা এক গুৰুত্বপূর্ণ বাণিজ্যিক প্রাণকেন্দ্ৰ হিচাপেও কাম কৰিব। এই সংযোগে বৃহৎ অঞ্চলটোত বাণিজ্য আৰু সুৰক্ষিত যোগান শৃংখলাৰ স্থিতিস্থাপকতাৰ বাবে নতুন পথ মুকলি কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰতে শক্তিশালী যোগান শৃংখলা নেটৱৰ্কৰ সৈতে এক মুখ্য সামুদ্রিক প্রাণকেন্দ্র হোৱাৰ পথত প্ৰসাৰিত গৈছে। চাবাহাৰ বন্দৰ আৰু ভাৰতীয় বন্দৰৰ মাজত নিয়মীয়া জাহাজৰ চলাচলৰ দিশটোৱে ব্যৱসায়ীসকলৰ মাজত নতুন আশা জাগ্রত কৰিছে।”

ভাৰতৰ অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে চাবাহাৰ বন্দৰৰ গুৰুত্ব সম্পর্কে সর্বানন্দ সোণোৱালে কয়, “এই প্রকল্পটোৱে ভাৰতীয় উদ্যোগীসকলক দীর্ঘম্যাদী সম্ভাৱনাৰ অন্বেষণ কৰাত সহায় কৰিব। পাৰস্পৰিক অর্থনৈতিক বিকাশ আৰু সহযোগিতা বৃদ্ধি কৰাত এই চুক্তিৰ ভূমিকা হ’ব অপৰিসীম। এইছেগতে মই ইৰাণৰ নেতৃত্বক তেওঁলোকৰ অকুণ্ঠ সহযোগিতা আৰু সমর্থনৰ বাবে ধন্যবাদ জনাইছোঁ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সদিচ্ছাই এই প্রকল্পটোক দীর্ঘম্যাদী দৃষ্টিভংগীৰে এক কাৰ্যকৰী বাস্তৱলৈ পৰিণত কৰিছে।”

ইৰাণৰ দক্ষিণ পশ্চিম উপকূলৰ চিস্তান-বালুচিস্তান প্রদেশত অৱস্থিত চাবাহাৰ বন্দৰ হৈছে ভাৰতৰ পশ্চিম উপকূলৰ পৰা সহজে প্ৰৱেশ কৰিব পৰা আৰৱ সাগৰৰ এক গুৰুত্বপূৰ্ণ বিন্দু। গুজৰাটৰ কান্দলা বন্দৰ ৫৫০ নটিকেল মাইলেৰে চাবাহাৰ বন্দৰৰ আটাইতকৈ নিকটতম, আনহাতে চাবাহাৰ আৰু মুম্বাইৰ মাজৰ দূৰত্ব ৭৮৬ নটিকেল মাইল। ২০১৯ চনৰ পৰা ই ৮০,০০০তকৈও অধিক টিইইউ আৰু ৮ নিযুত টনতকৈ অধিক বাল্ক আৰু সামগ্ৰীৰ কণ্টেইনাৰ ট্রেফিক পৰিচালনা কৰিছে। চাবাহাৰ বন্দৰৰ লক্ষ্য হৈছে পাৰস্পৰিক অৰ্থনৈতিক কার্যকলাপ বৃদ্ধিৰ লগতে নিযুক্তিৰ নতুন নতুন সুযোগ সৃষ্টি কৰা। কৌশলগতভাৱে অৱস্থিত এই বন্দৰটোৱে মধ্য এছিয়াৰ দেশসমূহ আৰু আফগানিস্তানৰ মাজত কার্গ ট্রেফিক পৰিচালনাৰ বাবে হৰমুজ প্রণালীৰ পৰা এক বৈকল্পিক পৰিবহণ পথ প্রশস্ত কৰিছে। এই বিবিধতাই অঞ্চলটোত ভাৰতৰ কৌশলগত স্থিতিও শক্তিশালী কৰিছে।

চাবাহাৰক আন্তর্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ ক’ৰিডৰৰ পূব পথত এক গুৰুত্বপূর্ণ সংযোগ হিচাপে পৰিকল্পনা কৰা হৈছে, যাৰ ফলত ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ মাজত সামগ্ৰীৰ চলাচল সহজ হ’ব। ৭,২০০ কিলোমিটাৰৰ এই আন্তর্জাতিক ক’ৰিডৰৰ সৈতে সম্পর্কিত আন্তঃগাঁথনি আৰু লজিষ্টিক বিকাশৰ ক্ষেত্ৰত ভাৰত আৰু ইৰাণৰ মাজত এই পাৰস্পৰিক সহযোগিতাৰ লক্ষ্য হৈছে পৰিবহণ ব্যয় আৰু সময় হ্রাস কৰা, যাৰ ফলত এই অঞ্চলসমূহৰ মাজত বাণিজ্য অধিক বৃদ্ধি হ’ব।

Exit mobile version