Celebrity Fitness Trainer Vinod Channa:মুকেশ- নীতাৰ তনয় অনন্ত আম্বানীৰ ১০৮ কেজি ওজন কমোৱা বিখ্যাত ফিটনেছজন

এতিয়া নিজেই হৈ পৰিল এজন মহাতাৰকা

vinod 2

Celebrity Fitness Trainer Vinod Channa:

মুকেশ-নীতাৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী বিশালকায় শৰীৰ নিশ্চয় সকলোৱে দেখিছে ৷ ১০৮ কিলো ওজনৰ অনন্তৰ শৰীৰ এতিয়া শ্লিম ৷ এই শ্লিম কৰি তোলাৰ আঁৰত আছে এজন বিশেষ ফিটনেছ প্ৰশিক্ষক ৷ যাৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবেই অনন্ত বিশালকায় শৰীৰ হৈ পৰিল শ্লিম

বহুতে অনন্তৰ এই ৰূপান্তৰক বিশ্বাস কৰিব পৰা নাছিল আৰু এই ‘বিশ্বাস কৰিব নোৱাৰা’ ঘটনাটোৱে বিনোদক এবাৰতে খ্যাতিৰ শিখৰলৈ লৈ গ’ল। এসময়ত খাদ্য নাখাইছিল আৰু ফলস্বৰূপে তেওঁ ভুগিছিল পুষ্টিহীনতাত ৷ এতিয়া তেওঁৱেই দেশৰ ডাঙৰ তাৰকাসকলৰ উপযুক্ত পুষ্টি আৰু স্বাস্থ্যৰ যত্ন লয়।

নাম বিনোদ চান্না। দেশৰ অন্যতম তাৰকা ফিটনেছ প্ৰশিক্ষক। কিন্তু তেওঁৰ খ্যাতিৰ আঁৰত আছে ভাৰতৰ আটাইতকৈ ধনী পৰিয়াল। মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ ফিটনেছৰ দায়িত্বত আছে বিনোদ। ৬০ বছৰীয়া নীতাৰ ফিটনেছক লৈ প্ৰায়ে ন ন প্ৰশ্ন উত্থাপন হৈ আহিছিল ৷

উল্লেখ্য যে,বিনোদে ডেৰ বছৰত অনন্তৰ ১০৮ কেজি ওজন কমাই দিলে। কামটো একেবাৰেই সহজ নাছিল । এক সাক্ষাৎকাৰত বিনোদে কয় যে যেতিয়া তেওঁ অনন্তৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ ওজন ১৭০ কেজিৰ ওপৰত । তাৰ পৰাই তেওঁ আম্বানী-পুত্ৰক প্ৰায় ৬০ কেজিলৈ নমাই আনিলে।

বিনোদে ক’লে, অনন্তই খাই ভাল পায়। ভজা খাদ্য আৰু ফাষ্ট ফুডৰ এজন অনুৰাগী। কিন্তু বিনোদে সেই অভ্যাস সম্পূৰ্ণৰূপে সলনি কৰি নিজৰ স্বাস্থ্যসন্মত খাদ্যাভ্যাস গঢ়ি তুলিলে। বিশেষ ডায়েট চাৰ্ট বনালে। লগতে এটা কঠোৰ ব্যায়ামৰ ৰুটিন। অনন্তেও সহযোগ কৰিলে।

১৮ মাহ ধৰি সেই ৰুটিন মানি চলাৰ ফল অনন্তই পালে। আম্বানী-তনয়ক দেখি সকলোৱে আপ্লুত হৈছিল। বিনোদৰ জনপ্ৰিয়তা বাঢ়িছে। এতিয়া তেওঁৰ ‘ক্লায়েণ্ট’ৰ তালিকাখন তাৰকাৰে ভৰা।

বিনোদ উদ্যোগপতি কুমাৰমংগলম বিৰলা, অনন্যা বিৰলাৰ পৰা আৰম্ভ কৰি শিল্পা শেট্টী কুন্দ্ৰ, জন আব্ৰাহাম, অৰ্জুন ৰামপাললৈকে বহু সুগঠিত বলীউডৰ চেলিব্ৰিটিৰ ব্যক্তিগত প্ৰশিক্ষক।

বিনোদ নিজেই তাৰকা হৈ পৰিছে। শুনা যায় যে এতিয়া মাত্ৰ ১২ দিনৰ বাবে তেওঁৰ তত্বাৱধানত ব্যায়াম কৰিব বিচাৰিলে ডেৰ লাখ টকা দিব লাগিব। তাৰ পিছতো তেওঁৰ সময় পোৱা নাযায়।

মনকৰিবলগীয়া যে, কিন্তু বিনোদ নিজেই এটা দুখীয়া পৰিয়ালৰ পৰা আহিছিল। এনেকুৱা দিনো আছিল যেতিয়া তেওঁ দুবাৰকৈ ভালকৈ খাবও পৰা নাছিল। তেওঁ পুষ্টিহীনতাত ভুগিছিল। বহুতে তেওঁলোকৰ পাতল চেহেৰাৰ বাবে উপলুঙাও কৰিছিল ৷তেওঁ প্ৰায়ে অপুষ্টিৰ বাবে অসুস্থ হৈ পৰিছিল। অনবৰতে তেওঁক ঘেৰি ধৰিছিল আত্মীয়-স্বজন। আনকি সৰু ভাইটিয়েও কাম নকৰাৰ বাবে বিনোদক অপমান কৰা বন্ধ নকৰিলে। এই সকলোবোৰ শুনি বিনোদৰ খাবলৈও মন নগৈছিল।

বিনোদে ক’লে, অপমান সহ্য কৰিব নোৱাৰি এদিন কাম বিচাৰি ঘৰৰ পৰা ওলাই গ’ল। প্ৰথমতে তেওঁ হোটেলৰ কোঠালী চাফা কৰাৰ কাম কৰিছিল। পাৰিশ্ৰমিক উপযোগী নোহোৱাত ব্যক্তিগত কোম্পানী এটাৰ নিৰাপত্তাৰক্ষীৰ চাকৰিটো লৈছিল। কিন্তু বছক এদিন চেলুট দিবলৈ পাহৰি যোৱাৰ বাবে চাকৰিটো যায়।

পৰৱৰ্তী সময়ত বিনোদে কৰ্পৰেট অফিচত পিয়নৰ চাকৰিও লৈছিল। কিন্তু বুজিলে এই সকলোবোৰ কাম তেওঁৰ বাবে নহয়। শেষত শাৰীৰিক ব্যায়ামৰ ওপৰত গুৰুত্ব দিলে।

কিন্তু ব্যায়ামৰ ‘ইন্ধন’ ক’ৰ পৰা আহিব? খাদ্যই যথেষ্ট নহয়। সঁজুলিবোৰ ক’ৰ পৰা পাব? সঞ্চিত ধনেৰে সাধাৰণ পুষ্টিকৰ খাদ্য খাই কাম আৰম্ভ কৰিলে। বডি বিল্ডিঙৰ বাবে আধুনিক জিমলৈ যোৱাৰ পৰিৱৰ্তে চুবুৰীৰে বডি বিল্ডিং চেণ্টাৰত যোগদান কৰিলে।

এইদৰে লাহে লাহে আগবাঢ়ি গৈ এদিন বিনোদ মহাৰাষ্ট্ৰৰ দেহশ্ৰী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। উৎসাহিত হৈ বিনোদে কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহ’ল ৷ তেওঁ জিমৰ প্ৰশিক্ষক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। বিনোদে নিজৰ বডি বিল্ডিঙৰ বাবে নিজা উদ্যোগত ডায়েট অধ্যয়ন কৰিছিল। সেই জ্ঞান উপযোগী যেন লাগিল।

বিনোদে সিদ্ধান্ত লয় যে তেওঁ ব্যক্তিগত প্ৰশিক্ষক হিচাপে কাম কৰিব। মুম্বাইত টিভি আৰু চিনেমাৰ তাৰকাৰ কেৰিয়াৰ ট্ৰেণ্ড। সেই বজাৰখন দখল কৰিবলৈ বিনোদে আন্ধেৰী আৰু বান্দ্ৰাৰ ওচৰৰ অঞ্চললৈ গুচি যায়। তাতে থাকিবলৈ ধৰিলে।

সৰু সৰু টিভি তাৰকাৰ সৈতে কাম কৰি বিনোদে খ্যাতি অৰ্জন কৰিছিল। এদিন বলীউডৰ তাৰকা ৰিতেশ দেশমুখে তেওঁৰ সৈতে যোগাযোগ কৰিছিল। সেই সময়তে তেওঁ ‘হাউছফুল’ ছবিৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে। ৰিতেশে বিনোদৰ পৰা ফিটনেছ ট্ৰেইনিং ল’বলৈ আৰম্ভ কৰিলে। বিনোদে সেই প্ৰথমটো ডাঙৰ তাৰকাৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছত ‘হাউছফুল’ৰ কেইবাজনো তাৰকাই বিনোদৰ অধীনত এজন এজনকৈ প্ৰশিক্ষণ লৈছিল। কিন্তু বিনোদৰ জীৱনৰ আটাইতকৈ ভাল মুহূৰ্তটো আছিল অমিতাভ বচ্চনক প্ৰশিক্ষণ দিয়া।

বিগ বিক প্ৰশিক্ষণ দিওঁতে অমিতাভে বিনোদক ‘ছাৰ’ বুলি সম্বোধন কৰিছিল বুলি বিনোদে কয়। এই কথা শুনি বিনোদ থতমত খালে। অমিতাভে ক’লে যে যিহেতু তেওঁ ইয়াত পঢ়ি আছে আৰু বিনোদ শিক্ষক, গতিকে তেওঁক ‘ছাৰ’ বুলি ক’ব লাগে।
ইয়াৰ পিছত ক্ৰমান্বয়ে বিনোদ তাৰকাসকলৰ ফিটনেছ ট্ৰেইনাৰ হৈ পৰিল। কেইবছৰমান আগতে আম্বানী পৰিয়ালে তেওঁক নিমন্ত্ৰণ জনাইছিল। প্ৰথমে নীতাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে। পিছত নীতাই তেওঁক অনন্তৰ ওজন কমোৱাৰ কাম দিলে।

অনন্তৰ এই ৰূপান্তৰৰ পিছত তেওঁৰ খ্যাতি সমগ্ৰ বিশ্বতে বিয়পি পৰিল। কিন্তু তেওঁৰ উত্থানৰ আঁৰৰ প্ৰথম দিনবোৰ যেন তেওঁ কেতিয়াও পাহৰিব নোৱাৰে বুলি নিজেই সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰিলে।

Exit mobile version