Robbers arrested for robbing passengers of jewelry at airport:বিমানযাত্ৰীৰ পৰা সোণৰ আ- অলংকাৰ লুট কৰা কুখ্যাত ডকাইত আৰক্ষীৰ জালত

১১০ দিনত ২০০ খন বিমানত উঠি লুট কৰিছিল লাখ লাখ মূল্যৰ গহনা

dehi police

Robbers arrested for robbing passengers of jewelry at airport:

চোৰ কৰা উত্তম বিদ্যা,ধৰা পৰিলে শিলৰ খুন্দা৷এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল দীৰ্ঘদিন ধৰি বিমানযাত্ৰীৰ পৰা সোণৰ আ- অলংকাৰ চোৰ কৰা কুখ্যাত ডকাইত এটাৰ ক্ষেত্ৰত ৷ ইতিমধ্যে এই দুৰ্ধৰ্ষ ডকাইতটো জালত পৰে দিল্লী আৰক্ষীৰ

উল্লেখ্য যে,যোৱা বছৰ ২০০খন বিমানত উঠি ১০০ দিনতকৈও অধিক সময় দেশৰ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি বিমানবন্দৰত ডকাইতি কাণ্ড সংঘটিত কৰিছিল ধৃত ডকাইতটোৱে।

স্মতৰ্ৱ্য যে,যোৱা মাহত হায়দৰাবাদৰ পৰা দিল্লীলৈ যোৱা এগৰাকী মহিলাই তেওঁৰ হেণ্ডবেগৰ পৰা ৭ লাখ মূল্যৰ গহনা চুৰি হোৱা আৰু একেদৰে আমেৰিকাৰ এজন লোকৰ পৰা পুলিচে আন এক অভিযোগ লাভ কৰে যে তেওঁৰ কেবিন বেগৰ পৰা ২০ লাখ মূল্যৰ মূল্যৱান সামগ্ৰী চুৰি হোৱা বুলি দাবী কৰাৰ সময়তে দিল্লী আৰক্ষীয়ে চুৰি কাণ্ডৰ সমস্ত ৰেকেটটো পোহৰলৈ আনিবলৈ সক্ষম হয় ৷

দিল্লী আৰক্ষীয়ে দিল্লী, হায়দৰাবাদ, অমৃতসৰ বিমানবন্দৰৰ পৰা কেইবা ঘণ্টাৰ ফুটেজ স্কেন সংগ্ৰহ কৰি গোপন খবৰৰ ভিত্তিত পাহাৰগঞ্জত অৰ্তকিতে অভিযান চলাই ৰাজেশ কাপুৰ নামৰ কুখ্যাত ডকাইতজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে আৰক্ষীৰ মাৰাথন জেৰাত অভিযুক্তজনে স্বীকাৰোক্তি দিয়া মতে,কেনেকৈ তেওঁ দেশৰ অন্যতম অতি সুৰক্ষিত অঞ্চল – বিমানবন্দৰত এবছৰ ধৰি বিমানযাত্ৰীৰ সোণৰ আ- অলংকাৰ সহ নানান মূল্যৱান সামগ্ৰী লুট কৰা আদি অপৰাধমূলক কাৰ্য সম্পন্ন কৰি নিবিঘ্নে পলায়ন কৰিবলৈ সক্ষম হৈছিল।

আনহাতে,দিল্লী আৰক্ষীৰ উপ- আয়ুক্ত উষা ৰংৰাণীয়ে কয় যে ধৃত লোকজনে বিমান যাত্ৰীসকলক লক্ষ্য কৰি লৈছিল। উদাহৰণস্বৰূপে, এপ্ৰিল মাহত হায়দৰাবাদৰ পৰা দিল্লীলৈ যোৱা মহিলা এগৰাকীয়ে দিল্লীৰ আই জি আই বিমানবন্দৰৰ পৰা আমেৰিকামুখী এয়াৰ ইণ্ডিয়াৰ বিমানত উঠাৰ পিছতে তেওঁ সোণৰ গহনা হৰলুকি হয় ৷ একেদৰে আমেৰিকাৰ বাসিন্দা বৰ্জিন্দৰজিৎ সিং অমৃতসৰৰ পৰা জাৰ্মানীৰ ফ্ৰেংকফৰ্টলৈ গৈ থকা সময়ত যেতিয়া বিমান খন দিল্লী বিমানত কিছু সময়ৰ বাবে ৰওঁতেই তেওঁৰ বহু মূল্যৱান সামগ্ৰী নোহোৱা হৈছিল ৷

জ্যেষ্ঠ আৰক্ষী বিষয়াজনে আৰু কয় যে, ধৃত লোকজনে বৃদ্ধ আৰু মহিলা যাত্ৰীসকলক নিজৰ লক্ষ্য হিচাপে বাছি লৈছিল আৰু বিমানবন্দৰত তেওঁলোকৰ আচৰণ নিৰীক্ষণ কৰিছিল। পৰৱৰ্তী সময়ত যাত্ৰী সকলৰ পিছে পিছে বা বেগটোৰ ভিতৰত থকা মূল্যৱান বস্তুবোৰৰ বিষয়ে অধিক সবিশেষ জানিবলৈ বেগেজ ডিক্লেৰেচন স্লিপত থকা তথ্যবোৰ সংগোপনে পঢ়িছিল।

অভিযুক্তই বিমান সংস্থাটোক নিজৰ আসন সলনি কৰিবলৈ অনুৰোধ কৰিছিল যাতে তেওঁ যাত্ৰীজনৰ কাষত থাকিব পাৰে। আৰক্ষীয়ে লগতে কয় যে তেওঁ প্ৰায়ে চুৰি কৰা যাত্ৰীজনৰ ওচৰত বহি ওভাৰহেড ছেকচনত থকা বেগবোৰ এডজাষ্ট কৰাৰ অভিনয় কৰিছিল আৰু আন যাত্ৰীসকলে বিমানখনত উঠি থকাৰ সময়তে গহনা আৰু অন্যান্য মূল্যৱান সামগ্ৰী চুৰি কৰিব পাৰে ৷

#কোন হয় এই দুৰ্ধষ ৰাজেশ কাপুৰ:

নতুন দিল্লী ৰেলৱে ষ্টেচনৰ ওচৰতে থকা দিল্লী পাহাৰগঞ্জৰ ‘ৰিকি ডিলাক্স’ নামৰ অতিথিশালাটোৰ মালিক ৰাজেশ। মানুহজন অতিথিশালাৰ তৃতীয় মহলাত থাকে, আৰু বাকী মহলাবোৰ গ্ৰাহকৰ বাবে আছিল। আৰক্ষীয়ে কয় যে তেওঁৰ দিল্লীত এখন ম’বাইল মেৰামতিৰ দোকানো আছে।

মনকৰিবলগীয়া যে,দিল্লী, চেন্নাই, হায়দৰাবাদ, চণ্ডীগড়, বাংগালুৰু, মুম্বাই, অমৃতসৰৰ দৰে বিমানবন্দৰৰ পৰা চলি থকা কেইবাটাও বিমানবন্দৰৰ পৰা তেওঁ বেছিভাগেই মহিলা যাত্ৰীৰ বেগৰ পৰা মূল্যৱান সামগ্ৰী চুৰি কৰিছিল। পাহাৰগঞ্জত থকা তেওঁৰ এই’ ৰিকি ডিলাক্স’ নামৰ অতিথিশালাটোৰ পৰা বৃহৎ পৰিমাণৰ সোণ-ৰূপৰ গহনা উদ্ধাৰ কৰে দিল্লী আৰক্ষীয়ে ৷

আৰক্ষী জেৰাত কাপুৰে এইটোও প্ৰকাশ কৰে যে কেইবাবাৰো তেওঁ চুৰি হোৱা গহনাসমূহ চুবুৰীয়া কেৰল বাগত শৰদ জৈন নামৰ এজন গহনা বিক্ৰেতাক বিক্ৰী কৰিছিল।

উল্লেখ্য যে,ৰাজেশ কাপুৰে বিমানত চুৰ কৰাৰ পূৰ্বে ৰে’লত চুৰি কৰিছিল ৷ ৰে’লত চুৰি কৰাৰ সময়তে আৰক্ষীৰ হাতত আটক হয় ৷ কিছুদিন এনে কামৰ পৰা আঁতৰি থাকি পিছত বিমানবন্দৰত চুৰিৰ পৰিকল্পনা কৰাৰ সিদ্ধান্ত লয়।

Exit mobile version