BHP SitanavamI Celebration:বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন

vhp

BHP SitanavamI Celebration:

বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ উদ্যোগত পাঞ্জাবাৰীৰ বাঘৰবড়ীস্থিত দুৰ্গা মন্দিৰ প্ৰেক্ষাগৃহত আজি সীতা নৱমী উদযাপন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ সাধাৰণ সম্পাদক ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানত বৌদ্ধিক প্ৰদান কৰে বিশিষ্ট মহিলা নেত্ৰী ৰুণজুন বৰুৱা কৌশিক আৰু বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰৰ জিলা সভাপতি শুভৰাম বৰাই।

সীতা নামেৰে মুখৰিত কাৰ্যসূচীত আশীষ বাণীৰে অভ্যাসগতসকলক কৃতজ্ঞতা জ্ঞাপন কৰে বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ সভাপতি প্ৰভাত চন্দ্ৰ ঠাকুৰীয়াই। অনুষ্ঠানত সমাজ সংগঠক ৰুমী দেৱী, বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তা নিলীমা শৰ্মা, বন্তি ফুকন প্ৰমুখ্যে কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে।

Exit mobile version