Ex Minister Thaneswar Boro Passed Away:বৰ্ষীয়ান ৰাজনীতিক থানেশ্বৰ বড়োৰ দেহাৱসান

ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ'ব অগপৰ জ্যেষ্ঠ নেতা গৰাকীৰ

thaneswar boro 1

Ex Minister Thaneswar Boro Passed Away:

ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক তথা ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি পুৱা ৭.০৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে অসম গণ পৰিষদৰ অন্যতম প্ৰতিষ্ঠাপক গৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ ৷

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি বহুমুত্ৰ আৰু হৃদৰোগত আক্ৰান্ত হৈ কিছুদিন পূৰ্বে জিএমচিএইছত ভৰ্তি হৈছিল থানেশ্বৰ বড়ো ৷ প্ৰয়াত অগপ জ্যেষ্ঠ নেতা গৰাকীৰ নশ্বৰ দেহ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব বুলি ঘোষণা কৰে ৰাজ্য চৰকাৰে ৷
ইতিমধ্যে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ অগপৰ মুখ্য কাৰ্যালয় আমবাৰী কাৰ্যালয়লৈ নিয়া হয় ৷

ইয়াতে অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত সহ দলটোৰ বিধায়ক নেতা- কৰ্মী সকলে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ ইয়াৰ পিছতে তেওঁৰ মৃতদেহ নিজৰ ওপজাভূমি ৰঙিয়ালৈ নিয়া হ’ব আৰু তাতে শেষকৃত্য সম্পন্ন হ’ব ৷
প্ৰফুল্ল কুমাৰ মহন্ত কেবিনেটৰ শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী ৰূপে কাৰ্যনিবাহ কৰিছিল থানেশ্বৰ বড়ো ৷ মৃত্যুৰ সময়ত তেখেতে ইহ সংসাৰত এৰি যায় একমাত্ৰ কন্যাক ।

বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ বিয়োগত বিভিন্ন দল – সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে এক শোকবাৰ্তাত কয়,

অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি তথা প্ৰতিষ্ঠাপক, জ্যেষ্ঠ নেতা, অসম চৰকাৰৰ শিক্ষা আৰু ৰাজহ বিভাগৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা ৰঙিয়া বিধানসভা সমষ্টিৰ তিনিটা কাৰ্যকালৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ মৃত্যুৰ বাতৰি শুনি সঁচাকৈ মৰ্মাহত হৈছোঁ।তেখেত অসমৰ ৰাজনৈতিক ক্ষেত্ৰতখনত অতিকৈ অভিজ্ঞ তথা সহজ সৰল মনৰ জনসেৱক আছিল।

তেখেতৰ মৃত্যুত অসমৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰ খনৰ বাবে বৃহৎ ক্ষতি। আজিৰ এই শোকাকূল দিনটোত থানেশ্বৰ বড়োৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ভগৱানৰ শ্ৰীচৰণত তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা শুভকাঙ্ক্ষী, অনুৰাগী ব্যক্তিসকললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

আনহাতে ,অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্রী তথা ৰাজহমন্ত্রী, বিশিষ্ট সমাজসেৱী, ৰঙিয়া বিধানসভা সমষ্টিৰ তিনিটা কাৰ্যকালৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ আজি ৰাতিপুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসানত আম আদমি পার্টীয়ে গভীৰ শোক প্রকাশ কৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোকবার্তা যোগে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে থানেশ্বৰ বড়োৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ মৃত্যু ৰাজনীতি তথা সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে। এই শোক মূহূর্তত আম আদমি পার্টীয়ে থানেশ্বৰ বড়োৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ |

সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম গণ পৰিষদৰ এসময়ৰ এগৰাকী সক্ৰিয় নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। শৈক্ষিক খণ্ডৰ উত্তৰণৰ লগতে জাতীয় জীৱনৰ কল্যাণৰ হকে তেখেতে লোৱা ভূমিকা স্মৰণীয় হৈ থাকিব।

থানেশ্বৰ বড়োৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ।

Exit mobile version