Proposal to Pay old Pensions to Employees Appointed after January 2025:২০০৫ৰ জানুৱাৰীৰ পাছত নিযুক্ত কৰ্মচাৰীক পুৰণি পেন্সন প্ৰদানৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ !

JANATA BHAWAN

Proposal to Pay old Pensions to Employees Appointed after January 2025:

ৰাজ্যৰ শিক্ষকসকলেও অন্যান্য কর্মচাৰীৰ দৰে বছৰত ৩০ দিন আর্জিত ছুটী লাভ কৰাৰ বিষয়টো বিবেচনাৰ সিদ্ধান্ত গ্রহণ কৰিছে অসম চৰকাৰে।

এই সন্দৰ্ভত গৃহীত কার্যবিৱৰণীত উল্লেখ কৰা হৈছে যে,শিক্ষলসকলকো ৩০ দিনৰ আর্জিত চুটী দিব পাৰি নেকি সেই বিষয়টো এখন উচ্চ পর্যায়ৰ সমিতিয় পর্যবেক্ষণ কৰি শীঘ্রে প্রতিবেদন দাখিল কৰিব।

এই সমিতিখন ৰাজ্যৰ বিত্ত বিভাগৰ অযুক্ত-সচিব জয়ন্ত নার্লিকাৰ, সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত-সচিব এম এছ মণিভান্নন আৰু বিদ্যালয় শিক্ষা-উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰক লৈ গঠন কৰা হৈছে। প্রতিবেদন দাখিলৰ ক্ষেত্রত এই সমিতিয়ে ভাৰত চৰকাৰ আৰু আন ৰাজ্য চৰকাৰবোৰৰ অধিক কি ধৰণৰ ব্যৱস্থা প্রৱর্তন হৈ আছে সেই দিশবোৰক মুখ্যভাৱে গ্রহণ কৰিব।

শিক্ষকৰ সমান্তৰালভাবে চৰকাৰৰ আন একাংশ কর্মচাৰীক লৈয়ো একাধিক প্রস্তাৱ-সিদ্ধান্ত শেহতীয়াকৈ গৃহীত হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত হোৱা আলোচনাৰ ভিত্তিত প্রকাশ কৰা কার্যবিৱৰণীত উল্লেখ কৰা অনুসৰি অসম চৰকাৰৰ বিভাগ আৰু সমিতি-সংস্থাত কৰ্মৰত হৈ থকা অস্থায়ী আৰু মাষ্টাাৰোল কর্মচাৰীৰ লগতে নিম্ন দৰমহা গাঁথনিত নিযুক্ত হৈ থকাসকলক নতুন পেন্সন আঁচনিৰ অধীনলৈ অনাৰ বিবেচনা কৰা হৈছে।

যদিয়ে সংশ্লিষ্ট কর্মচাৰীসকলে নতুন পেঞ্চন আঁচনিৰ নিয়ম অনুসৰি কিস্তিৰ ধন পৰিশোধ কৰিবলৈ মান্তি হয়, তেনেহ’লে তেওঁলোকৰ বিষয়টো যোগাত্মকভাৱে বিবেচনা কৰা হ’ব।

কর্মচাৰীৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আন এটা সিদ্ধান্ত অনুসৰি ২০০৫ৰ জানুৱাৰীৰ পাছত চৰকাৰী চাকৰিত যোগদান কৰাসকলক পুৰণি পেন্সন আঁচনিৰ সুবিধা প্রদানৰ বিবেচনা কৰা হ’ব। অৱশ্যে এই ক্ষেত্রত এটা চর্ত থাকিব।

সেই অনুসৰি সংশ্লিষ্ট কর্মচাৰীসকলৰ নিযুক্তিৰ প্রক্রিয়াটো ২০০৫ৰ জানুৱাৰীৰ পূর্বে আৰম্ভ হ’ব লাগিব। ইয়াৰ উপৰি একে ধৰণৰ পদত নিযুক্ত হৈ থকা সকলক সমহাৰৰ দৰমহা-মাননি প্রদানৰ এক প্রস্তাৱ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে।

Exit mobile version